ভগৱানক লৈ আগবঢ়োৱা নৈবেদ্যতো জালিয়াতি কৰিলে অগণন ভক্তই। শেহতীয়াকৈ পোহৰলৈ অহা অনুসৰি জম্মু-কাশ্মীৰৰ বিশ্বখ্যাত বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তসকলে দান দিয়া ৰূপৰ ৯৫ শতাংশই নকল ৰূপ। এই কথা প্রমাণিত হৈছে চৰকাৰী পৰীক্ষাৰ প্ৰতিবেদনত।
মন্দিৰ কর্তৃপক্ষই বিগত সময়ত মন্দিৰে দানবৰূপে লাভ কৰা ৰূপৰ ভাণ্ডাৰ অলপতে চৰকাৰী টাকশাললৈ পৰীক্ষা কৰিবলৈ নিয়ে। মন্দিৰ কর্তৃপক্ষৰ ধাৰণা আছিল যে এই ৰূপৰ ভাণ্ডাৰৰ মূল্য ৫৫০ কোটি টকা হ’ব।
আশ্চর্যজনকভাবে চৰকাৰী টাকশালব পৰীক্ষাত পোহৰলৈ আহে যে মন্দিৰৰ এই ৰূপৰ ভাণ্ডাৰৰ জমা বৰূপৰ ৯৫ শতাংশই নকল। বাকী পাঁচ শতাংশ ৰূপৰ মূল্য ৩০ কোটি টকা হ’ব বুলি টাকশালৰ বিষয়াই প্ৰকাশ কৰিছে।
সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিভিন্ন ভক্তই মন্দিৰলৈ দান দিয়া এই ৰূপৰ ভাণ্ডাৰৰ সিংহভাগ ৰূপ দৰাচলতে লোহা আৰু কেডমিয়ামৰ দৰে ধাতুৰে তৈয়াৰী আছিল। পৰীক্ষাত এই জালিয়াতি ধৰা পৰাত প্ৰকৃত ৰূপৰ পৰিমাণ ৩০ কোটি টকাৰো কম হ’ব বুলি সূত্রই প্রকাশ কৰিছে।
উল্লেখ্য যে বিগত সময়ত বৈষ্ণো দেৱী মন্দিৰত ২০ টন ৰূপ দানৰূপে সংগ্রহ হৈছিল। অর্থাৎ ইয়াৰ সিংহভাগে নকল বুলি সম্প্রতি প্রতিপন্ন হৈছে। উল্লেখ্য যে সম্প্রতি প্রতি কিলোগ্ৰাম ৰূপৰ মূল্য দুই লাখ ৬০ হেজাৰ টকা। ৰূপৰ স’তে মিল থকা কেডমিয়ামৰ মূল্য কম।
গতিকে সাধাৰণ চকুৰে চাই দুয়োবিধ ধাতুৰ মাজৰ পাৰ্থক্য ধৰা পেলোৱাটো কঠিন। ইয়াৰ বিপৰীতে প্ৰতি কিলোগ্রাম কেডমিয়ামৰ মূল্য মাথোঁ চাৰিশ-পাঁচশ টকাহে। তদুপৰি কেডমিয়াম গলালে কৰ্কট ৰোগ সৃষ্টিকাৰী দ্রব্য নির্গত হয়।
সেয়েহে টাকশালে প্রথম অৱস্থাত মন্দিৰ কর্তৃপক্ষক কেডমিয়াম গলাবলৈ অস্বীকাৰ কৰিছিল।






























