বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

1777112684 raghav insta 1

বিজেপিত যোগদান কৰাৰ পাছতে সামাজিক মাধ্যমত ডাঙৰ আঘাতৰ সন্মুখীন হ’ল ৰাঘৱ চাড্ডা(Raghav Chadha)। মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰায় ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস পালে।

আপ ত্যাগ কৰাৰ আগতে শুক্ৰবাৰে দুপৰীয়ালৈকে তেওঁৰ ইনষ্টাগ্ৰামত ফ’ল’ৱাৰৰ সংখ্যা আছিল এক কোটি ৪৬ লাখ। কিন্তু বিজেপিত যোগদান কৰাৰ পাছত এই সংখ্যা হ্ৰাস পাই এক কোটি ৩৫ লাখলৈ নামি আহিছে।

ৰাঘৱ চাড্ডা সদায়ে যুৱ প্ৰজন্মৰ মাজত বিশেষভাৱে জনপ্ৰিয় আছিল। কিন্তু তেওঁৰ এই দলত্যাগৰ সিদ্ধান্ত ‘Gen Z’ প্ৰজন্মৰ একাংশই ভালভাৱে গ্ৰহণ কৰা নাই বুলি ধাৰণা কৰা হৈছে।

হঠাৎকৈ ফ’ল’ৱাৰৰ সংখ্যা হ্ৰাস পোৱা ঘটনাটো সেই অসন্তুষ্টিৰে প্ৰতিফলন বুলি বহুতে মত প্ৰকাশ কৰিছে।

প্ৰাথমিক তথ্য অনুসৰি, বিজেপিত যোগদান কৰাৰ পাছতেই সামাজিক মাধ্যমত তেওঁক ‘আনফ’ল’ কৰাৰ আহ্বান জনোৱা হৈছিল।

ইয়াত ‘Gen Z’ প্ৰজন্মৰ একাংশো সক্ৰিয়ভাৱে জড়িত হোৱা বুলি কোৱা হৈছে। উল্লেখযোগ্য যে, ৰাঘৱ চাড্ডাৰ জনপ্ৰিয়তাৰ পাছত সামাজিক মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।
ৰাজ্যসভাত তেওঁৰ ভাষণৰ ভিডিঅ’সমূহ প্ৰায়ে ভাইৰেল হৈছিল।

এই সন্দৰ্ভত অনীশ গাৱাণ্ডে(Anish Gawande) মন্তব্য কৰি কয়, “ইণ্টাৰনেটে মানুহক ৰাতি-ৰাতি নায়ক বনাব পাৰে, আৰু সেই ইণ্টাৰনেটেই মুহূৰ্ততে তেওঁক তললৈ নামাই আনিব পাৰে।”

উল্লেখ্য যে, শুক্ৰবাৰে ৰাঘৱ চাড্ডাসহ ৰাজ্যসভাৰ মুঠ সাত জন আপ সাংসদে বিজেপিত যোগদান কৰে। তেওঁলোকৰ ভিতৰত প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং(Harbhajan Singh), দলৰ সম্পাদক সন্দীপ পাঠক, উদ্যোগপতি ৰাজেন্দ্ৰ গুপ্ত, অশোক মিত্তল, বিক্ৰম সাহানে আৰু দিল্লীৰ নেত্ৰী স্বাতী মালিওৱালো আছিল।

Exit mobile version