জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়ে ক্রমাৎ সমগ্র এছিয়াৰ লগতে বিশ্বলৈ ভয়ংকৰ বিপদ কঢ়িয়াই অনাৰ আশংকা প্রবল হৈছে।
মানৱসৃষ্ট এই দুই কাৰকৰ ফলত বিশ্বজুৰি খৰাঙৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে। আনকি বিগত বছৰটোত বিশ্বৰ কমেও ৩০ শতাংশ অঞ্চল খৰাঙৰ কৱলত পৰে। বিশ্বখ্যাত বিজ্ঞান আলোচনী ‘নেছাৰ’ৰ পৃথিৱী আৰু পৰিৱেশ সম্পর্কীয় এক অধ্যয়নত পোহৰলৈ অহা অনুসৰি ১৯৯০ দশকত পৃথিৱীৰ ১০ শতাংশ অঞ্চলহে খৰাঙৰ কৱলত পৰিছিল যদিও যোৱা বছৰৰ অন্তিমলৈ এনে অঞ্চলৰ সংখ্যা ৩০ শতাংশলৈ বৃদ্ধি পায়।
আলোচনীখনৰ তথ্যত দেখা গৈছে কেনেদৰে খৰাং সৃষ্টি হয়, ইয়াৰ গতি আৰু মানৱ সভ্যতাত প্রভার। আলোচনীখনে আঙুলিয়াই দিছে যে যদিও খৰাং বতৰ পৰিৱেশৰ এক অংশ, তথাপি শেহতীয়া কিছু বছৰত দেখা গৈছে যে কেৱল বৰষুণৰ অভাৱৰ বাবে খৰাং সৃষ্টি হোৱা নাই।
পৃথিৱীক বাসোপযোগী কৰি ৰখা পৰ্বতমালাৰ বৰফৰ মাত্ৰাধিক গলনৰ ফলতো খৰাং পৰিস্থিতিৰ সৃষ্টি হ’বলৈ ধৰিছে। উল্লেখ্য যে ২০২৫ৰ বছৰটো ১৯৫০ৰ পাছত খৰাঙৰ দ্বাৰা ক্ষতিগ্রস্ত বৃহৎ বর্ষত পৰিণত হয়।
বছৰটোত খৰাঙৰ কৱলত পৰা ৩০ শতাংশ অঞ্চলৰ ১.৩ শতাংশ অত্যধিক খৰাঙৰ কৱলত পৰে। ‘নেছাৰ’ত এই প্রতিবেদন প্রকাশ কৰিছে বেইজিঙৰ নর্মেল বিশ্ববিদ্যালয়, কিংহাই নর্মেল বিশ্ববিদ্যালয়, চাইনীজ একাডেমী অৱ ছায়েন্সেছ, ব’ইছ স্টেট বিশ্ববিদ্যালয় (আমেৰিকা যুক্তৰাষ্ট্ৰ) আৰু কানাডাস্থিত ৰাষ্ট্ৰসংঘৰ জল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে।
এই গৱেষকসকলে আঙুলিয়াই দিছে যে ১৯৫০ৰ পৰা ২০১৯ৰ সময়ছোৱাত যোৱা বছৰৰ দৰে বৃহৎ অঞ্চল কেতিয়াও খৰাঙৰ কৱলত পৰা নাছিল। ২০০০ৰ পৰা ২০২৫ৰ মাজৰ ছবছৰত পৃথিৱীত অভূতপূর্ব খৰাং পৰিৱেশৰ সৃষ্টি হয়।
কাৰণ এই সময়ছোৱাত পৃথিৱীৰ বহু অঞ্চল অভাৱনীয়ভাৱে খৰাঙৰ কৱলত পৰে। স্বাভাৱিকতে ইয়ে জলবায়ু বিজ্ঞানীসকলক উদ্বিগ্ন কৰি তুলিছে। কেৱল খৰাঙেই নহয়, বিগত বর্ষটোত তাপমাত্রা বৃদ্ধিয়েও একপ্ৰকাৰ অভিলেখ ৰচনা কৰে।
এনে খৰাং আৰু তাপমাত্রা বৃদ্ধিজনিত অৱস্থাৰ পৰা পৃথিৱীৰ কোনো মহাদেশেই ৰক্ষা নাপালে। বিজ্ঞানীসকলে আঙুলিয়াই দিছে যে যোৱা বছৰৰ খৰাঙৰ পৰিসৰ বৃহৎ হয় আৰু ইয়াৰ মাত্ৰা গুৰুতৰ হয়।
এছিয়াত এনে পৰিস্থিতিৰ আঁৰত তিব্বত মালভূমিত মাত্ৰাধিক বৰফৰ গলনক বিজ্ঞানীসকলে আঙুলিয়াই দিছে। এছিয়া মহাদেশৰ পানীৰ টাৱাৰৰূপে আখ্যা দিয়া তিব্বত মালভূমিৰ অস্বাভাৱিক গৰমৰ ফলত বৰফ গ’লে তথা বৰফ জমাৰ পৰিমাণ হ্রাস পায়।
ইয়ে ভাৰতকে ধৰি নামনি অঞ্চলৰ দেশসমূহৰ কোটি কোটি লোকৰ জীৱনলৈ সংশয় কঢ়িয়াই আনিছে। কাৰণ এই অঞ্চলসমূহৰ নৈসমূহৰ পানীৰ প্ৰধান উৎস হ’ল তিব্বত মালভূমিৰ বৰফসমূহ। খৰাংজনিত অনুৰূপ অৱস্থা ইউৰোপ, দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা আদিতো বিৰাজ কৰে।






























