Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

এটা বেংকৰ সমীপত কান্দি থকা অৱস্থাত ভাবনাক উদ্ধাৰ কৰে এগৰাকী বনকৰা মহিলাই

WhatsApp Image 2026 04 25 at 12.14.15 PM

Guwahati:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ পৰা সন্ধানহীন হোৱা ভাৱনা শৰ্মা নামৰ অবশেষত সন্ধান ওলাল শ্বিলঙৰ পল’ গ্রাউণ্ডৰ সমীপত ৷ এটা বেংকৰ সমীপত পদপথৰ কাষত বহি কান্দি থকা যুৱতী গৰাকীক উদ্ধাৰ কৰে স্থানীয় এগৰাকী বনকৰা মহিলাই ৷

উল্লেখ্য যে পেছাত এগৰাকী শিক্ষয়িত্ৰী ভাৱনা শৰ্মাই শুকুৰবাৰে নিজ কৰ্তব্যস্থলী স্কুললৈ এখন উবেৰত গৈ থকা সময়ত ঘৰলৈ ফোন কৰি জনাইছিল যে তেওঁ বিপদত পৰিছে ৷ । am in danger’ বুলি ফোনত উল্লেখ কৰাৰ পিছৰে পৰা যুৱতী গৰাকীৰ ম’বাইলো চুইটচ অফ হৈ পৰে ৷ যাৰ বাবে যুৱতী গৰাকীৰ গুৱাহাটীৰ তেতেলীয়াস্থিত বাসগৃহত হুৱাদুৱা লাগে ৷ যুৱতী গৰাকীৰ পিতৃয়ে নিজ জীয়ৰীৰ সন্ধানহীনতাৰ সন্দৰ্ভত জালুকবাৰী থানাত এজাহাৰ দাখিল কৰে ৷

আনহাতে শনিবাৰে পুৱা ভাৱনা শৰ্মাৰ সন্ধান শ্বিলঙত লাভ কৰাৰ পিছতে পিতৃ ৰাওনা হয় শ্বিলঙলৈ ৷ কি পৰিস্থিতিত যুৱতী গৰাকী মেঘালয় পালেগৈ এই সন্দৰ্ভত জালুকবাৰী আৰক্ষী দল এটাও ৰাওনা হৈছে শ্বিলঙ অভিমুখে ৷

আনহাতে মহানগৰীৰ পৰা সন্ধানহীন হোৱা ভাৱনা শৰ্মা বৰঝাৰস্থিত ‘মাইলচ ব্ৰনচন ৰেছিডেঞ্চিয়েল স্কুল’ৰ শিক্ষয়িত্ৰী বুলি পৰিয়ালৰ লোকে বিভিন্ন প্ৰচাৰ মাধ্যমত
উল্লেখ কৰি থকা সন্দৰ্ভত শুকুৰবাৰে সন্ধিয়া বিদ্যালয় কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে যে বিদ্যালয়খনৰ মনোবিজ্ঞান বিভাগৰ শিক্ষয়িত্ৰী ভাৱনা শৰ্মাই ২৮ মাৰ্চত নিজ পদৰ পৰা অব্যাহতি লৈছিল আৰু সেই দিনটো তেওঁৰ শেষ কৰ্মদিন আছিল ৷ এনেক্ষেত্ৰত যুৱতী গৰাকী সন্ধানহীনতাৰ সম্পৰ্কত বিদ্যালয়ৰ কোনো সম্পৰ্ক নাই।

Exit mobile version