Nagaon shocking robbery Incident update:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-নগাঁও চহৰৰ মৰিকলং আৰক্ষী চকীৰ সমীপত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা লোমহৰ্ষক ডকাইতি কাণ্ডে জড়িত দুই ডকাইত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ৷ চিচিটিভিৰ আধাৰত এতিয়াও পলাতক অৱস্থাত আছে আন তিনি ডকাইত । ঘটনাৰ পিছত ফৰেনছিকৰ দল উপস্থিত হৈ লাভ কৰা ক্লু অনুসৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ এই কথা সদৰি কৰে নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে । তদন্তৰ খাতিৰত আটকাধীন ডকাইত দুটাৰ নাম প্ৰকাশৰ পৰা বিৰত থাকে জ্যেষ্ঠ আৰক্ষী বিষয়া গৰাকী ৷
উল্লেখ্য যে মৰিকলং আৰক্ষী চকীৰ নিচেই কাষতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহত বৃহস্পতিবাৰে মাজনিশা ডকাইতৰ দলে প্ৰৱেশ কৰি আ- অলংকাৰ সহ নগদ ধন লুট কৰি নিয়াৰ লগতে ডা:শইকীয়া আৰু পত্নী ৰূপৰেখা শইকীয়াৰ চোকা জাতীয় অস্ত্ৰৰে উপযুপৰি উধাও হয় ৷
ডকাইতৰ আক্ৰমণত তেজেৰে তুমৰলি হৈ মজিয়াত পৰি থকা দম্পতী হালক পিচত স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও দুয়োৰে অৱস্থা সংকটজনক বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল ৷ ডা:শইকীয়া আৰু তেওঁৰ পত্নী ৰূপৰেখা শইকীয়াক নিশাই গুৱাহাটী এপল’ হাস্পতালত ভৰ্তি কৰা হয় ৷ ডা:শইকীয়া বৰ্তমান সংকটমুক্ত যদিও পত্নী আইচিইউত জীৱন- মৃত্যুৰে যুঁজিছে ৷
আনহাতে গুৱাহাটী এপল’ হাস্পতালত চিকিৎসাধীন হৈ থকা ডাঃ ৰঞ্জিত শইকীয়াই জানিব দিয়া মতে,তেওঁৰ ঘৰত ডকাইতি কৰিবলৈ আহিছিল প্ৰায় পাঁচজনীয়া দল ৷ আটাইয়ে হিন্দীতে কথাবতৰা কৰালৈ চাই তেওঁলোক হিন্দীবাসী আছিল ৷ ডকাইতৰ দলটোৱে প্ৰথমে তেওঁলোকৰ শোৱনি কোঠালৈ সোমাই আহি কোনো কথাৰ অৱতাৰণা নকৰি ডা:শইকীয়াৰ ডিঙিত ধৰি উপযুপৰি প্ৰহাৰ কৰাৰ লগতে পত্নী ৰূপৰেখাৰ মুৰত লোহাৰ ৰ’ডৰে প্ৰহাৰ কৰি ঘৰৰ গডৰেজ আদি ভাঙি আ- অলংকাৰ সহ নগদ ধন লুট কৰি উধাও হয় ৷ অৱশ্যে ডকাইতৰ দলৰ আক্ৰমণৰ পৰা তেওঁলোকৰ ছয়বছৰীয়া পুত্ৰ সন্তানটি কথমপি ৰক্ষা পৰে ৷ ডকাইতৰ আক্ৰমণত লেবেজান হৈ পৰা ডা:শইকীয়াৰ চিঞৰ- বাখৰত স্থানীয় প্ৰতিবেশী ঘটনাস্থলীত উপস্থিত হয় বুলি জানিব দিয়ে ৷
আনহাতে নিশাই ডা:শইকীয়াৰ বাসগৃহত সমীপতে থকা মৰিকলং আৰক্ষী দল উপস্থিত হৈ সকলো নিৰীক্ষণ কৰি ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ উল্লেখ্য যে ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহৰ নিচেই কাষতে মৰিকলং আৰক্ষী চকী থকাৰ পিছতো সশস্ত্ৰ ডকাইতৰ দলে নিশা সংঘটিত কৰা লোমহৰ্ষক ডকাইতি কাণ্ডই কেতবোৰ প্ৰশ্ন উদ্থাপিত হৈছে ৷
