Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

বিহু নাচিবলৈ গৈ থকা অৱস্থাত প্ৰাণ হেৰুৱালে নাচনীয়ে, গুৰুতৰভাৱে আহত আন ১১ গৰাকী বিহুৱা-বিহুৱতী

WhatsApp Image 2026 04 25 at 11.11.02 AM

Tragic road accident in Tamulpur:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-শনিবাৰে পুৱাই ৰাজ্যত সংঘটিত হ’ল শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী নাচনীয়ে ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন ১১গৰাকী বিহুৱা-বিহুৱতী ৷

তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত বিহু হুঁচৰি’দল কঢ়িয়াই নিয়া বাহন আৰু এখন ট্ৰেইলাৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয় ৷ এই দুৰ্ঘটনা থিতাতে নিহত হয় ভাস্কৰজ্যোতি হুঁচৰি দলৰ এগৰাকী নাচনী নাওকাটা নিজ ঝাৰগাঁৱৰ নিশামণি হালৈ ৷ আনহাতে গুৰুতৰভাৱে আহত হয় হুঁচৰি দলটোৰ ১১ গৰাকী সদস্য । ইয়াৰে পাঁচজনৰ অৱস্থা অতি সংকটজনক হোৱাত তেওঁলোকক জিএমচিএইছলৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে টিহুৰ হাৰিভাঙাৰ পৰা তামুলপুৰৰ বাঙালীপাৰালৈ গৈ হুঁচৰি দলটো গৈ থকা পথত সংঘটিত হয় মৰ্মান্তিক দুর্ঘটনাটি ৷দুর্ঘটনাত নিহত হোৱা মৃত্যু ২৫ বছৰীয়া নিশামণি হালৈ এগৰাকী বিহুৱতী হোৱাৰ লগতে নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা আছিল। প্ৰতিভাশালী যুৱতী গৰাকীৰ আকস্মিক বিয়োগত শোকাহত হৈ পৰে নাওকাটা নিজ ঝাৰগাঁৱৰ বাসিন্দা।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিশামণি হালৈৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে তামুলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আহত সকলক চিকিৎসাৰ ব্যৱস্থা কৰে ৷

Exit mobile version