Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

কথমপি প্ৰাণৰক্ষা মাৰ্কিন ৰাষ্ট্ৰ প্ৰধান গৰাকীৰ, ঘটনাটোৰ সময়ত ট্ৰাম্পৰ স'তে আছিল পত্নী মেলনিয়া ট্রাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভাঞ্চ, শনিবাৰে নিশা ৱাছিংটনৰ হিল্টন হোটেলত নৈশ ভোজৰ সময়ত সংঘটিত হয় এই ঘটনা, ৩০ বছৰীয়া আততায়ীক গ্ৰেপ্তাৰ

WhatsApp Image 2026 04 26 at 1.32.12 PM 1

Attack on US President Donald Trump:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা তীব্ৰ সংঘাত আৰু উত্তেজনাৰ মাজতে শনিবাৰে নিশা ৱাছিংটনৰ হিল্টন হোটেলত নৈশ ভোজৰ সময়ত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ বিশ্বক কঁপাই তুলিছে। ডিনাৰ পাৰ্টিৰ সময়ত ড’নাল্ড ট্ৰাম্পৰ নিৰাপত্তাৰক্ষীৰ ঠিক সন্মুখতে এজন আততায়ীয়ে ভিতৰলৈ সোমাই যোৱাৰ সময়ত বাটত থকা সকলো নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে। ইয়াৰ পিছতে হুৱাদুৱা লাগে ৷ এক আতংকময় পৰিস্থিতিৰৰ সৃষ্টি হয়।

ঘটনাটোৰ সময়ত ড’নাল্ড ট্ৰাম্পৰ স’তে ডিনাৰ টেবুলত উপস্থিত আছিল তেওঁৰ পত্নী মেলনিয়া ট্রাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভাঞ্চ। ৰাষ্ট্ৰপতি ট্ৰাম্পে ডিনাৰ টেবুলত বহি একাংশ বিষয়াৰ সৈতে কথা-বতৰা পাতি আছিল।

উল্লেখ্য যে এই আক্ৰমণ সংঘটিত হোৱাৰ সময়ত হিল্টন হোটেলত হোৱাইট হাউছ কৰ্পৰেণ্ডেণ্টছ এছ’চিয়েশ্যনৰ বাৰ্ষিক ডিনাৰ পাৰ্টি চলি আছিল। এই ঘটনাত অৱশ্যে ৰাষ্ট্ৰপতি সহ আনসকল কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে যদিও এই গুলীচালনাত ট্ৰাম্পৰ এজন সুৰক্ষাকৰ্মী আঘাতপ্ৰাপ্ত হয় ৷

আনহাতে আমেৰিকাৰ এজন আইন প্ৰয়োগকাৰী বিষয়াই জনোৱা অনুসৰি এজন আক্ৰমণকাৰীয়ে গুলীচালনা কৰে। বিষয়াসকলে জনোৱা মতে, ট্ৰাম্প আৰু অন্যান্য অতিথিসকলক বহি থকা বলৰূমৰ বাহিৰত সংঘটিত হৈছে এই কাণ্ড। ঘটনাৰ পিছতে সকলো অনুষ্ঠান বাতিল কৰা হয়। এফ বি আইয়ে কয় যে আক্ৰমণকাৰীজন এজন ৩০ বছৰীয়া যুৱক ৷ তেওঁক ইতিমধ্যে জিম্মাত লোৱা হৈছে ৷

উল্লেখ্য যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা মাৰ্কিন ৰাষ্ট্ৰ প্ৰধানজনৰ নৈশভোজত আততায়ী প্ৰৱেশ কৰি গুলীচালনা সংঘটিত কৰা ঘটনাই নিৰাপত্তা ব্যৱস্থাটোক আকৌ এবাৰ উদঙাই দিলে ৷

ইৰাণৰ প্ৰাক্তন মুৰব্বী নেতা আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ আহিছিল নেকি আক্ৰমণকাৰী৷ এই বিষয়টো ইতিমধ্যে মাৰ্কিন প্ৰশাসনত তোলপাৰ লগাইছে ৷
মনকৰিবলগীয়া যে ৪০ দিনীয়া যুদ্ধৰ অন্তত ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনাপূৰ্ণ যুদ্ধবিৰতি চলি থকা সময়ত এই ঘটনা সংঘটিত হৈছে। দ্বিতীয় ৰাউণ্ডৰ শান্তি আলোচনা সম্পূৰ্ণ হোৱা নাই। ইজৰাইল আৰু আমেৰিকাই ২৮ ফেব্ৰুৱাৰীত ইৰাণৰ উচ্চতম নেতা ছায়েদ আলী খামেনেইক বৃহৎ বোমা আক্ৰমণত হত্যা কৰাৰ পিছৰে পৰা ইজৰাইলকে ধৰি সমগ্ৰ মধ্যপ্ৰাচ্যৰ আমেৰিকাৰ সামৰিক আৰু শক্তি ঘাটিৰ বিৰুদ্ধে ইৰাণৰ সেনাই ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন নিক্ষেপ কৰিছে।

৪০ দিনীয়া যুদ্ধৰ সময়ত ইৰানে আমেৰিকা আৰু ইজৰাইলক যথেষ্ট ক্ষতিসাধন কৰিছিল। ইৰানে নিজৰ শীৰ্ষ নেতাৰ মৃত্যুৰ প্ৰতিশোধ ল’ব বুলি ধাৰাবাহিকভাৱে কৈ আহিছে। এই ঘটনাৰ পিছত এতিয়া এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে যে আক্ৰমণকাৰীৰ ইৰাণৰ সৈতে কোনো সম্পৰ্ক আছিল নেকি? যদি আছে, তেন্তে খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ তেওঁ ৱাছিংটনৰ হিল্টন হোটেলত উপস্থিত হৈছিল নেকি? ট্ৰাম্পৰ লক্ষ্য আছিল নেকি? এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি নিৰাপত্তা সংস্থাসমূহে তদন্ত আৰম্ভ কৰিছে।

আনহাতে হোয়াইট হাউছত এক বিবৃতিত ট্ৰাম্পে কয় যে এই ঘটনা সম্পূৰ্ণ অপ্ৰত্যাশিত যদিও ছিক্ৰেট চাৰ্ভিচ আৰু আইন প্ৰয়োগকাৰী সংস্থাই দ্ৰুত আৰু সাহসেৰে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ গুলীবিদ্ধ হোৱা এজন বিষয়াক প্ৰশংসা কৰে ৷যিজনক বুলেটপ্ৰুফ ভেষ্টেৰে ৰক্ষা কৰা হয় আৰু এতিয়া ভালেই আছে। ট্ৰাম্পে কয় যে ৰাষ্ট্ৰপতি হোৱাটো এটা বিপজ্জনক বৃত্তি আৰু এনে প্ৰচেষ্টা কামৰ অংশ। আক্ৰমণকাৰীৰ উদ্দেশ্য সন্দৰ্ভত তেওঁ কয় যে পৃথিৱীখন এখন হিংসাত্মক স্থান, কিন্তু ইয়াৰ দ্বাৰা তেওঁৰ আকৰ্ষণীয় কাম কৰিবলৈ বাধা নাপাব। তেওঁ ৰাতিৰ আহাৰ পুনৰ নিৰ্ধাৰণ কৰাৰ কথা ঘোষণা কৰি পৰৱৰ্তী অনুষ্ঠানটো আৰু অধিক নিৰাপদ হ’ব বুলি জোৰ দিয়ে। ট্ৰাম্পে ফাৰ্ষ্ট লেডী মেলানিয়াক প্ৰশংসা কৰে যে তেওঁ তৎক্ষণাত গুলী চলোৱা হৈছে বুলি চিনি পাইছিল। তেওঁ ছিক্ৰেট চাৰ্ভিচক ধন্যবাদ জনাই কয় যে আক্ৰমণকাৰীজন বলৰুমত উপনীত হ’ব নোৱাৰাকৈয়ে বহু দূৰত আছিল। সামগ্ৰিকভাৱে ট্ৰাম্পে শান্ত আৰু দৃঢ় সুৰত নিৰাপত্তা সংস্থাসমূহক প্ৰশংসা কৰে আৰু অনুষ্ঠানটো আগবঢ়াই নিয়াৰ সংকল্প প্ৰকাশ কৰে।

Exit mobile version