Golokganj :
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ। এটা চক্ৰই নিতৌ ন ন কৌশল অৱলম্বন কৰি গো সৰবৰাহ কৰি আহিছে। অসম বংগ সীমান্তৰ ছোটোগুমাত আৰক্ষীৰ অভিযান। অভিযানত ১৪ টাকৈ জব্দ উন্নত জাতৰ গো-ধন। ছোটোগুমা আৰক্ষীৰ অভিযানত জব্দ গৰু কেইটা।মালবাহী ট্ৰাকৰ ভিতৰত আনিছিল চোৰাং গো-ধন সমূহ। পশ্চিমবংগৰ পৰা ভিতৰুৱা পথেৰে অসমত প্ৰৱেশৰ সময়ত আটক কৰে গৰু ভৰ্তি ট্ৰাকখন। গাড়ী এৰি পলায়ন কৰে চালক হেণ্ডিমেন। জব্দকৃত গৰু ভৰ্তি বাহনখনৰ নম্বৰ AS-19 AC-5201 ।
