ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

1777290065 odisha 1

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে ওড়িশা( Odisha)তো বৰ্তমান তীব্ৰ তাপপ্ৰবাহ অব্যাহত আছে। এই পৰিস্থিতিৰ মাজতে যোৱা দুদিনত তথাকথিত ‘হিটষ্ট্ৰোক’ত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হৈছে ।

প্ৰশাসনিক সূত্ৰেও দুজনৰ মৃত্যুৰ তথ্য নিশ্চিত কৰিছে যদিও মৃত্যুৰ সঠিক কাৰণ হিচাপে ‘হিটষ্ট্ৰোক’ সন্দৰ্ভত এতিয়াও স্পষ্টকৈ একো কোৱা হোৱা নাই।

প্ৰশাসনৰ তথ্য অনুসৰি, সোমবাৰে দুটা পৃথক ঘটনাত দুজন শিক্ষক নিহত হয়। তেওঁলোক দুয়ো জনগণনাৰ কামত নিয়োজিত আছিল।

এজনৰ মৃত্যু হয় ময়ূৰভঞ্জ জিলাত আৰু আনজনৰ মৃত্যু হয় সুন্দৰগড়(Sundargarh) জিলাত। এই দুয়োখন জিলাত তাপমাত্রা প্ৰায় ৩৭ ডিগ্ৰী ছেলছিয়াছ ৰেকৰ্ড কৰা হৈছে।

নিহত শিক্ষকদ্বয় হৈছে ৰাজকপুৰ হেমব্ৰম আৰু অনুৰাগ এক্কা, আৰু তেওঁলোক দুয়ো চৰকাৰী বিদ্যালয়ৰ শিক্ষক আছিল।

উল্লেখ্য যে, উত্তৰ ভাৰত আৰু পূব ভাৰতৰ বিস্তীৰ্ণ অঞ্চলত বৰ্তমান তাপপ্ৰবাহৰ প্ৰভাৱ দেখা গৈছে। কিছুমান স্থানত তাপমাত্রা ৪৫ ডিগ্ৰী ছেলছিয়াছলৈকে বৃদ্ধি পাইছে।

ওড়িশাৰো বহু জিলাত গৰমৰ প্ৰকোপ অব্যাহত থকাৰ বাবে তাপপ্ৰবাহৰ সতর্কতা জাৰি কৰা হৈছে।

এই পৰিস্থিতিত গৰমৰ ফলত অসুস্থ হোৱাৰ বহু ঘটনা পোহৰলৈ আহিছে। কিন্তু এই মৃত্যুদ্বয় প্ৰকৃততে তাপপ্ৰবাহজনিত নে নহয়, সেই বিষয়ে চৰকাৰীভাৱে এতিয়াও নিশ্চিত কৰা হোৱা নাই।

Exit mobile version