কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

jaipur astrolabfb 2026041690948

ব্রিটেইনত নিলাম হ’ব সপ্তদশ শতিকাৰ ঐতিহ্যবাহী ভাৰতীয় ‘এষ্ট্র’নমিকেল কম্পিউটাৰ’ৰ। অহা ২৯ এপ্ৰিলত লণ্ডনৰ ছোথবি নিলামঘৰত বিক্ৰী হ’ব একালত জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱীৰ সংগ্ৰহত থকা এইবিধ ঐতিহ্যবাহী সামগ্রী।

এই যন্ত্র ইমানেই অভিনৱ যে জ্যোতির্বিজ্ঞানৰ জটিল অংকৰ নিখুঁত সমাধান কৰিব পাৰিছিল নিমিষতে। পিতলৰ এই যন্ত্ৰৰ অসাধাৰণত ক্ষমতাৰ বাবে ইয়াক ‘ছুপাৰ কম্পিউটাৰ’ বা ‘প্রাচী স্মার্টফোন’ বুলিও গণ্য কৰে বিজ্ঞানীসকলে।

ছোথবিৰ ইছলামিক আৰু ভাৰতীয় শিল্প বিভাগৰ মুৰব্বী বেনেডিক্ট কার্টাৰে এই যন্ত্রক বিৰলতম জ্যোতির্বৈজ্ঞানিক যন্ত্ৰৰূপে অভিহিত কৰিছে।

একাংশ ইতিহাসবিদৰ মতে, এই যন্ত্ৰটো মোগল যুগৰ ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ এক জীৱন্ত নিদর্শন। সপ্তদশ শতিকাৰ আৰম্ভণিৰ ফালে লাহোৰ (বর্তমানে পাকিস্তান)ৰ দুই ভ্রাতৃ কাঈম মহম্মদ আৰু মহম্মদ মুকিমে এই যন্ত্ৰটো তৈয়াৰ কৰিছিল। ইয়াত ফাছী ভাষাত নক্ষত্ৰবোৰৰ নামৰ সমান্তৰালকৈ দেৱনাগৰি লিপিত সেইবোৰ নামৰ সংস্কৃত প্রতিশব্দও খোদাই কৰা আছে। ইয়াত তুলি ধৰা হৈছে প্রাচীন ভাৰতৰ বিজ্ঞান আৰু সংস্কৃতিৰ অসাধাৰণ সমন্বয়। যন্ত্ৰটো নিৰ্মাণ কৰা হৈছিল লাহোৰৰ তৎকালীন শাসক আগা আফজলৰ বাবে। ভাৰতত তেতিয়া আছিল জাহাংগীৰ আৰু শ্বাহজাহানৰ শাসনকাল।

এই যন্ত্রত ৯৪খন চহৰৰ অক্ষাংশ আৰু দ্রাঘিমাংশৰ সমান্তৰালকৈ ৩৮টা নক্ষত্ৰৰ নিখুঁত অৱস্থান আছে, যি আজিও ইমানেই নির্ভুল যে ই যিকোনো মহাজাগতিক বস্তুৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰিব পাৰে। জ্যোতির্বিজ্ঞানৰ জটিল অংকৰ নিখুঁত হিচাপ ৰখা পিতলৰ এই যন্ত্ৰটো পৰৱৰ্তী সময়ত জয়পুৰৰ প্ৰাক্তন মহাৰাজা দ্বিতীয় ছৱাই মানসিঙৰ সংগ্ৰহলৈ আহে। মানসিঙৰ মৃত্যুৰ পাছত ইয়াৰ গৰাকী হয় তেওঁৰ পত্নী । মহাৰাণী গায়ত্ৰী দেৱী। পাছত ইংৰাজৰ আমোলত ব্যক্তিগত সংগ্রহলৈ আহে যন্ত্রটো। প্ৰথমবাৰলৈ এই যন্ত্ৰটো ইয়াক সৰ্বসাধাৰণৰ বাবে প্রদর্শন আৰু নিলাম কৰা হ’ব।

দাবী কৰা হয় যে প্রযুক্তি আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই যন্ত্ৰটো সেই সময়ৰ এক শ্রেষ্ঠ কীর্তি। ৮.২ কিলোগ্রাম ওজনৰ তথা প্রায় ৪৬ ছেন্টিমিটাৰ ওখ এই যন্ত্ৰটো এক সাধাৰণ এষ্ট্ৰ’লেবতকৈ চাৰিগুণ ডাঙৰ। দুর্লভ হোৱাৰ সমান্তৰালকৈ ইয়াৰ ৰাজকীয় ঐতিহ্যৰ কাৰণে বিশেষজ্ঞসকলে অনুমান কৰিছে যে এই যন্ত্ৰটো ১.৫ৰ পৰা ২.৫ নিযুত পাউণ্ড (ভাৰতীয় মুদ্রাত প্রায় ১৫ৰ পৰা ২৫ কোটি টকা) মূল্যত বিক্রী হ’ব পাৰে। অতীতত ইমান দামত জ্যোতির্বিজ্ঞানৰ কোনো সামগ্রী কেতয়াও বিক্ৰী হোৱা নাই।

অক্সফোর্ডৰ ইতিহাসবিদ ড° ফেডেৰিক জিগান্তৰ মতে, এই যন্ত্রই সপ্তদশ শতিকাৰ জ্যোতির্বিজ্ঞানীসকলৰ সূর্যোদয় আৰু সূর্যাস্তৰ সময়, নক্ষত্ৰৰ সঠিক অৱস্থান, কুঁৱাৰ গভীৰতা আৰু ভৱনৰ উচ্চতাৰ জোখ লোৱাত সহায় কৰিছিল। তদুপৰি, এই যন্ত্র মক্কাৰ দিশ নিৰ্ণয় কৰাত আৰু পঞ্জিকা ব্যৱহাৰ কৰি নির্ভুল ৰাশিফল প্ৰস্তুত কৰাতো ব্যৱহাৰ হৈছিল।

Exit mobile version