যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

সুদীর্ঘ ৫৭ দিন ধৰি ইণ্টাৰনেট ব্লেকআউট: ভাঙিলে ছুডানৰ অভিলেখ

images 1 4

যুদ্ধৰ প্রকোপত ডিজিটেল সংকটত পৰিছে ইৰান। যোৱা ২৮ ফেব্ৰুৱাৰীত ইজৰাইল আৰু আমেৰিকাই ইৰানৰ মাটিত যৌথ আক্রমণ চলোৱাৰ পাছতে সমগ্র দেশখনতে ইণ্টাৰনেট সেৱা বন্ধ কৰিছিল ইৰান প্রশাসনে। যুদ্ধৰ পৰিস্থিতিত বিগত ৫৭ দিন ধৰি দেশখনত ইণ্টাৰনেট ব্লেকআউট অব্যাহত আছে।

আন্তর্জাতিক ইণ্টাৰনেট পর্যবেক্ষক সংস্থাই জনাইছে যে এয়া হৈছে বিশ্বৰ ইতিহাসত কোনো দেশত সবাতেকাকৈ দীর্ঘম্যাদী ৰাষ্ট্ৰীয় স্তৰৰ ইন্টাৰনেট ব্লেকআউট।

আন্তর্জাতিক ইণ্টাৰনেট পর্যবেক্ষক সংস্থা ‘নেটব্লকছ’ৰ প্রতিবেদন অনুসৰি, যুদ্ধ আৰম্ভহোৱাৰ পূৰ্বে জানুৱাৰীৰ পৰা ইৰানৰ বিভিন্ন স্থানত চৰকাৰ বিৰোধী বিক্ষোভৰ প্ৰকোপত সাময়িকভাবে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছিল।

যুদ্ধ আৰম্ভ হোৱাৰ পাছত প্ৰশাসনৰ তৰফৰ পৰা সমগ্ৰ দেশখনত সম্পূৰ্ণৰূপে ব্লেকআউট ঘোষণা কৰা হয়। ইয়াৰ ফলত ইৰানৰ ন কোটিৰ অধিক মানুহৰ বাবে ডিজিটেল এক্সেছ সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হয়। ইণ্টাৰনেট শ্বাটডাউনৰ ক্ষেত্ৰত ই বিশ্ব অভিলেখ।

অৱশ্যে এই ঘটনা একেবাৰে গৰ্বৰ বিষয় নহয়। ‘নেটব্লকছ’ৰ মতে, এই ছেন্সৰশ্বিপৰ প্রকোপত মানৱিক আৰু অৰ্থনৈতিক প্রভার বাঢ়িয়েই আছে।

একাংশ বিশেষজ্ঞই দাবী কৰিছে যে এই অচলাবস্থা যদি আৰু দীর্ঘ দিনলৈ অব্যাহত থাকে, তেন্তে এই অৱস্থাই ইৰানৰ অর্থনীতি আৰু সামাজিক গাঁথনিত মাৰাত্মক প্ৰভাৱ পেলাব পাৰে।

‘নেটব্লকছ’ৰ প্ৰতিবেদন অনুসৰি, ইয়াৰ পূৰ্বে দীর্ঘ সময় ইণ্টাৰনেট বন্ধৰ অভিলেখ আছিল ছুডানৰ দখলত। গৃহযুদ্ধৰ প্রকোপত ছুডানত ৩৬ দিন ইণ্টাৰনেট বন্ধ আছিল। অৱশ্যে ম্যানমাৰ, ইথিউপিয়াৰ দৰে দেশতো স্তৰে স্তৰে কে’বা মাহ ধৰি ইণ্টাৰনেট সেৱা বন্ধ আছিল। এতিয়া একেৰাহে ৫৭ দিন ইণ্টাৰনেট সেৱা বন্ধৰ অভিলেখ এতিয়া ইৰানৰ দখলত। কেতিয়ালৈ এই সেৱা পুনৰ প্ৰৱৰ্তন কৰা হ’ব, সেয়া এতিয়াও নিশ্চিত নহয়।

উল্লেখ্য যে বিগত প্রায় দুমাহ ধৰি যুদ্ধবিধ্বস্ত হৈ আছে ইৰান। মধ্যপ্রাচ্যলৈ শান্তি ঘূৰাই অনাৰ বাবে পাক মধ্যস্থতাত আমেৰিকা আৰু ইৰানে বৈঠকত মিলিত হ’লেও এই পর্যন্ত কোনো সমাধান সূত্র ওলোৱা নাই। দুই দেশৰ মাজত যুদ্ধবিৰতি ঘোষণাৰ পাছত দ্বিতীয় দফাৰ বৈঠকৰ সম্ভাৱনা সৃষ্টি হ’লেও শেষ পর্যন্ত সেয়া নহ’ল। এনে অৱস্থাত ইৰানৰ আকাশত নতুনকৈ উঁকি দিবলৈ আৰম্ভকৰিছে যুদ্ধৰ কলীয়া ডাৱৰে। সকলো মিলাই দেশখনৰ ইণ্টাৰনেট সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা এই মুহূর্তত নাই।

Exit mobile version