Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

চহৰ খনৰ ঝুৱাং অঞ্চলৰ ৰাজপথত একঁকাল পানী, বানত উপঙিছে দামী দামী বাহন

WhatsApp Image 2026 04 28 at 4.37.48 PM

Artificial Flood in China:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বিগত এটা পষেকদিন ধৰি চুবুৰীয়া চীনত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত দেশখনত প্ৰায়বোৰ সৰু- বৰ চহৰত সৃষ্টি হোৱা ভয়ংকৰ কৃত্ৰিম বানৰ বাবে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে ৷

বিশেষকৈ বাণিজ্যিক চহৰ গুৱাংচিৰ ঝুৱাং অঞ্চলৰ ৰাজপথত একঁকাল পানী হোৱাৰ বিপৰীতে বানত উপঙিছে দামী দামী বাহন ৷ এক হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে।

উল্লেখ্য যে চলিতএপ্ৰিল মাহৰ শেষৰ ফালে চীনৰ গুৱাংছি স্বায়ত্ত্বশাসিত অঞ্চলৰ এখন চহৰ ঝুৱাঙত দেওবাৰে নিশাৰে পৰা অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়াৱহ বানে বাট-পথ ডুব যায় ৷ প্ৰচণ্ড বৰষুণৰ বাবে বহু লোক বাহন সহ আবদ্ধ হৈ পৰে ৰাজপথত। উদ্ধাৰকাৰী দলে ইনফ্লেটেবল নাও ব্যৱহাৰ কৰি আবদ্ধ লোক সকলক উদ্ধাৰ কৰে ৷ আনকি বহু বিলাসী বাহত ৰাজপথত উপঙি থকা পৰিলক্ষিত হয় ।

স্মতৰ্ৱ্য যে ঝুৱাঙত ২৪ ঘণ্টাত ২৭০ মিলিমিটাৰতকৈ অধিক বৰষুণ হয় ৷ যিটো এপ্ৰিল মাহত দৈনিক সৰ্বাধিক বৰষুণৰ পৰিমাণ বুলি উল্লেখ কৰিছে গুৱাংছি স্বায়ত্ত্বশাসিত অঞ্চলৰ বতৰ বিজ্ঞান কেন্দ্ৰই ৷

ইপিনে চলিত এপ্ৰিল মাহৰ শেষৰটো সপ্তাহৰ সমান্তৰালভাৱে মে’ত চীনৰ অন্যতম বাণিজ্যিক চহৰ ফুজিয়ান আৰু ঝেজিয়াং প্ৰদেশতো প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্কবাণী দিছে চীনৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷

Exit mobile version