H.S Final Exami Result 2026:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স: সকলো উৎকণ্ঠাৰ অন্ত পেলাই মঙলবাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষষদে। আজি ঘোষণা কৰা ফলাফল অনুসৰি কলা শাখাত ২,৪১,১২৪গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হয় ১,৯১,৭৯৮গৰাকীয়ে। প্রথম বিভাগত উত্তীৰ্ণ ৫৪,৭৫৫ গৰাকী,২য় বিভাগত উত্তীৰ্ণ ৭৯,১৮১ গৰাকী আৰু ৩য় বিভাগত উত্তীৰ্ণ ৫৭,৮৬২ গৰাকী ৷উত্তীৰ্ণৰ হাৰ আছিল৭৯.৫৪ শতাংশ ৷
একেদৰে বাণিজ্য শাখাত ১৫,৭৯৬গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হয় ১৫,৭৯৬গৰাকী৷প্রথম বিভাগত উত্তীৰ্ণ হয় ৭,৭৮৭গৰাকী,২য় বিভাগত ৫,৬৯৪ গৰাকী আৰু ৩য় বিভাগত উত্তীৰ্ণ হয় ২,৩১৫গৰাকীয়ে ৷বা ণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮১.১৩ শতাংশ।
উল্লেখ্য যে জিলা ভিত্তিক ফলাফল এনেধৰণৰ Iকলা শাখাৰ শীৰ্ষ বাক্সা ৷ উত্তীৰ্ণ হাৰ ৯৪.২৯ শতাংশ ৷ আনহাতে বিজ্ঞান শাখাৰ শীৰ্ষত তামুলপুৰ । উত্তীৰ্ণৰ হাৰ ৯৮.৯৫ শতাংশ আৰু বাণিজ্য শাখাৰ শীর্ষত যুটীয়াভাৱে স্থান লাভ কৰে মাজুলী আৰু দক্ষিণ শালমাৰা ৷উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ
