Nagaon shocking robbery Incident update:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-নগাঁও চহৰৰ মৰিকলঙত চিকিৎসক দম্পতীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো দুৰ্ধৰ্ষ ডকাইত নাজিবুলক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ৷ নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্রতিম দাসৰ নেতৃত্বত এটা আৰক্ষী দলে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চৰৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত ডকাইতটোক ৷ ইয়াৰ পূৰ্বে ভয়ংকৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড ওমৰ আলী আৰু মিন্টু হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছিল ৷উমৰ আলীৰ ঘৰ নগাঁৱৰ ৰূপহীত ৷আৰক্ষীয়ে জব্দ কৰিছিল ডা: ৰঞ্জিত শইকীয়াৰ ঘৰৰ পৰা লুটি নিয়া নগদ ধন সহ কেতবোৰ সা- সামগ্ৰী
উল্লেখ্য যে উল্লেখ্য যে , মৰিকলং আৰক্ষী চকীৰ নিচেই কাষতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহত বৃহস্পতিবাৰে মাজনিশা পাঁচজনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰি আ- অলংকাৰ সহ নগদ ধন লুট কৰি নিয়াৰ লগতে ডা:শইকীয়া আৰু পত্নী ৰূপৰেখা শইকীয়াৰ চোকা জাতীয় অস্ত্ৰৰে উপযুপৰি প্ৰহাৰ কৰি উধাও হৈছিল ৷
ডকাইতৰ ৰ’ডৰ আক্ৰমণত আহত হোৱা ডা:ৰনজিৎ শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়াৰ অৱস্থা সংকটজনক হৈ আছে ৷ বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা গুৱাহাটী এ’পল’ হাস্পতালৰ আইচিইউত ৰখা হৈছিল যদিও শনিবাৰে চুপাৰ মাৰ্কেটস্থিত জিএনআৰচিৰ আইচিইউলৈ স্থানান্তৰিত কৰে চিকিৎসকে ৷ বৰ্তমানেও অৱস্থা অপৰিৱৰ্তিত হৈ আছে ৷