Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

বাঢ়নী পানীত উটি আহিল মানুহৰ এখন কটা ভৰি

WhatsApp Image 2026 04 29 at 1.21.35 PM

Bamunimaidam:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মহানগৰীত নিশাৰে পৰা অব্যাহত থকা কিনকিনিয়া বৰষুণৰ ফলত প্ৰায়বোৰ অঞ্চলত সৃষ্টি হয় কৃত্ৰিম বানৰ। সদাব্যস্ত প্ৰায়বোৰ অঞ্চলত ৰাজপথ জলমগ্ন হৈ পৰাৰ বাবে ব্যহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ।

আনহাতে কৃত্ৰিম বানৰ মাজতে বামুণীমৈদামৰ কলেজ পথত সৃষ্টি হয় চাঞ্চল্যকৰ ঘটনা। বাঢ়নী পানীত উটি আহিল মানুহৰ এখন কটা ভৰি ৷ এটা উন্মুক্ত মেনহলৰে ওপৰেৰে পথলৈ উঠি আহিল কটা ভৰিখন । ইয়াৰ পিছতে স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। ইতিমধ্যে ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ কটা ভৰিখন নিজৰ জিন্মাত লৈ জিএমচিএইছলৈ প্ৰেৰণ কৰে।

Exit mobile version