Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সংবাদমেলত ঘোষণা

WhatsApp Image 2026 04 29 at 3.25.56 PM

Batadrava Than Pressmeet:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-গুৰুজনাৰ ওপজাভূমি বটদ্ৰৱা থানৰ শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত অনুষ্ঠিত হ’ব সতী ৰাধিকা মহোৎসৱ ।

বুধবাৰে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে । ঐতিহাসিক বটদ্ৰৱাৰ আলিপুখুৰীস্থিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত বৰ্ণিল কাৰ্যসূচীৰে সতী ৰাধিকা মহোৎসৱৰ দিনটোত অসমবাসী ৰাইজক পদূলিত বন্তি প্রজ্বলন কৰিবলৈ আহ্বান জনোৱা হয় ৷ সংবাদমেলত থান পৰিচালনা সমিতিৰ কার্যকৰী সভাপতি গোবিন্দ চন্দ্ৰ দাস আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসৰ উপস্থিত থাকে।

উল্লেখ্য যে সতীত্ব আৰু সাহসিকতাৰে টেম্বুৱানী জান বান্ধি বানৰ কবলৰ পৰা ভকত-বৈষ্ণৱক উদ্ধাৰ কৰি খ্যাতি গঢ়া মহীয়সী নাৰী সতী ৰাধিকা আই গৰাকীৰ জন্মজয়ন্তী মহোৎসৱ উপলক্ষে উদুলি মুদুলি পৰিবেশ সৃষ্টি হয় গুৰুজনাৰ জন্মস্থলী বটদ্ৰৱাত ।

Exit mobile version