Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

WhatsApp Image 2026 04 29 at 9.28.54 AM

Ghagrapar:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স :দৰিদ্ৰতা শিক্ষাৰ অন্তৰায় নহয় ,এই কথাটো পুনৰ প্ৰমাণ কৰিলে পূৱ নলবাৰীৰ ঐতিহাসিক সন্ধা গাঁৱৰ মেধাৱী ছাত্ৰ চিন্ময় পাঠকে। কঠিন পৰিস্থিতিৰ মাজতো নিজৰ অধ্যৱসায় আৰু অধ্যয়নৰ জোৰত তেওঁ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজ্জ্বল ফলাফল লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

প্ৰয়াত পংকজ পাঠক আৰু দেৱী কলিতাৰ পুত্ৰ চিন্ময় পাঠকে নলবাৰী চহৰৰ অসম ভেলী একাডেমীৰ পৰা কলা শাখাত অৱতীৰ্ণ হৈ ৮৭ শতাংশ নম্বৰ লাভ কৰাৰ লগতে আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰি এক বিশেষ কৃতিত্ব দেখুৱাইছে। তেওঁৰ বিষয়ভিত্তিক নম্বৰসমূহ হ’ল—ৰাজনীতি বিজ্ঞানত ৯১, তৰ্ক বিজ্ঞান আৰু দৰ্শনত ৯১, সমাজশাস্ত্ৰত ৮৭, অসমীয়াত ৮৪, ইংৰাজীত ৮৪ আৰু অৰ্থনীতিত ৮১।

পাঁচবছৰ বয়সত পিতৃহীন হোৱা চিন্ময়ে লক্ষ্যৰ পৰা আঁতৰি নাযাই প্ৰমাণ কৰিছে যে দৃঢ় সংকল্প আৰু পৰিশ্ৰম থাকিলে কোনো বাধাই আগবঢ়া ৰোধ কৰিব নোৱাৰে। ফলাফল ঘোষণাৰ পিছতে সন্ধা গাঁৱত আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে। পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন তথা স্থানীয় ৰাইজে তেওঁৰ এই সাফল্যক অভিনন্দন জনাইছে।
ভৱিষ্যতে এজন আদৰ্শ শিক্ষক হোৱাৰ সপোন দেখা চিন্ময়ে নলবাৰী মহাবিদ্যালয়ত ডিগ্ৰী পাঠ্যক্রমত অধ্যয়ন অব্যাহত ৰাখিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

Exit mobile version