West Karbianglong:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্য কঁপাই যোৱা পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখৰ মাতৃক শিৰচ্ছেদ কৰা পূজা মালাঙৰ মৃত্যু ৷ মাতৃক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত পশ্চিম কাৰ্বি আংলং জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা পূজা মালাঙ হঠাতে অসুস্থ হৈ পৰে। কাৰাগাৰ কৰ্তৃপক্ষই মাতৃহন্তা পূজাক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে । অৱশেষত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে পূজা মালাঙে।
উল্লেখ্য যে পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখৰ নিবাসী পূজা মালাঙে ২২ এপ্ৰিলত নিশা শুই থকা অৱস্থাতে নিজ মাতৃক শিৰচ্ছেদ কৰাৰ লগতে নিজ পিতৃ আৰু ভগ্নীকো দাৰে ঘপিয়াই ৷ ইয়াৰ পিছতে মাকৰ ছিন্নমুণ্ড লৈ পূজাই কাষৰ বাহঁনিত ওৰেনিশাটো আত্মগোপন কৰি থাকে। পাছদিনা আৰক্ষী আৰু স্থানীয় গঞাই অতি তৎপৰতাৰে পূজাক আটক কৰে ৷ আনহাতে আহত পিতৃ -আৰু ভগ্নীক নিশাই আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল ।
