আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

পৰ্যটন ঋতুৰ সামৰণি

059949147Kaziranga Bagori Elephant Safari

বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park)ত আজিৰে পৰা ২০২৫-২৬ পৰ্যটন বৰ্ষৰ ‘হাতী চাফাৰী’ আনুষ্ঠানিকভাৱে বন্ধ কৰা হৈছে।

প্ৰতিবছৰে নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী বছৰৰ এপ্ৰিল মাহলৈকে চলি থকা এই হাতী চাফাৰী পৰ্যটকসকলৰ মাজত বিশেষ আকৰ্ষণ হিচাপে পৰিগণিত।

এই সময়ছোৱাত দেশ-বিদেশৰ পৰ্যটকে কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু বন্যপ্ৰাণীৰ ওচৰলৈকে গৈ চোৱাৰ বিশেষ সুযোগ লাভ কৰে।

কৰ্তৃপক্ষৰ সূত্ৰে জানিব পৰা মতে, কাইলৈ চাফাৰীত ব্যৱহৃত হাতীসমূহক উভতাই পঠিওৱা হ’ব। পৰ্যটন বৰ্ষৰ অন্ত পৰাৰ লগে লগে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Exit mobile version