Sensex:✒️বয়-বস্তুৰ মূল্যবৃদ্ধিৰ আশংকা প্রকট কৰি সৰ্বকালৰ সৰ্বনিম্ন হ’ল ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য। টকাৰ মূল্য ধাৰাবাহিক অৱনমন অব্যাহত থাকি মঙলবাৰে ১৪ পইচা হ্রাস পায়। ফলত কালি সন্ধিয়া এক ডলাৰৰ মূল্য ভাৰতীয় মুদ্রাত ৯৪.৮২ টকা হয়। এনেদৰে টকাৰ মূল্যৰ অৱনমনৰ কাৰণ বিশেষজ্ঞই ব্যাখ্যা কৰিছে।
বিশেষজ্ঞসকলৰ মতে, সম্প্রতি আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্রতি বেৰেলত ১১৫ ডলাৰলৈ বৃদ্ধি, দেশৰ পৰা বিদেশী পুঁজিৰ বহিঃগমন অব্যাহত থকাত টকাৰ মূল্যৰ চূড়ান্ত অৱনমন ঘটিছে। টকাৰ মূল্য এনেদৰে অৱনমন ঘটাটো সাধাৰণ লোকৰ বাবেও মুঠেও সুখবৰ নহয় বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।
কাৰণ ইতিমধ্যে আকাশলংঘী হোৱা দৈনন্দিন ব্যৱহৃত বহু সা-সামগ্ৰীৰ মূল্য ইয়ে আৰু অধিক বৃদ্ধি কৰাৰ আশংকা আছে। ইতিমধ্যে পাঁচ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ ভোটগ্রহণ অন্ত পৰাত বয়-বস্তুৰ মূল্যবৃদ্ধি শীঘ্রে ঘটিব বুলিও একাংশই আশংকা কৰিছে। এনে অৱস্থাতে টকাৰ মূল্যৰ উদ্বেগজনক পতন ঘটিছে।
শেহতীয়াভাৱে দেশত বহু বিদেশী বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিবলৈও অস্বীকাৰ কৰিছে। বিদেশী বিনিয়োগকাৰীৰ এনে স্থিতিও ভাৰতীয় মুদ্ৰাৰ ওপৰত বহুতৰে আস্থা হ্রাস কৰিছে।
উল্লেখ্য যে সোমবাৰে দিনটোতে ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৫৩ পইচা হ্রাস পায়। ফলত কালিয়ে এক ডলাৰৰ মূল্য ভাৰতীয় টকাত ৯৪.৬৮ টকা হৈছিল।
