বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

IMG 20260430 003312 scaled

শাৰীৰিক প্ৰতিবন্ধকতা শিক্ষাৰ ক্ষেত্ৰত যে হেঙাৰ হ’ব নোৱাৰে তাৰেই নিদৰ্শন দাঙি ধৰিলে সৰভোগৰ মেদা গাঁৱৰ সুমিতা দাসে। বিশেষভাৱে সক্ষম সুমিতা দাসে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত ৮৯.৪ শতাংশ নম্বৰেৰে সুখ্যাতি অৰ্জন কৰে।

প্ৰৱল ইচ্ছা শক্তি আৰু একাগ্ৰতাক জীৱনৰ মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰি আগবঢ়া এইগৰাকী ছাত্ৰীয়ে দেখুৱালে এক অনন্য দৃষ্টান্ত দাঙি ধৰিলে। বৰনগৰ মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ ছাত্রী সুমিতা দাসে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বাণিজ্য শাখাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ সৰ্বমুঠ ৮৯.৪ শতাংশ নম্বৰ লাভ কৰে।

সুমিতা দাসৰ পিতৃ সুচন্দ্ৰ দাস আৰু মাতৃ পদ্মাৱতী দাসে জানিবলৈ দিয়া মতে, সুমিতাই বৰনগৰ মহাবিদ্যালয়তে স্নাতক শাখাত নামভৰ্তি কৰিব। ছাত্ৰীগৰাকীয়ে ভৱিষ্যতে বেংকত চাকৰি কৰাৰ সপোন পুহি ৰাখিছে।

সুমিতা দাসে আশাপ্ৰদ ফলাফল লাভ কৰাৰ পাছতে আজি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ পৰাগ বৰ্মনসহ এটি অধ্যাপকৰ দলে ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে।

উল্লেখ্য যে, মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে বৰনগৰ মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ ছাত্ৰী সুমিতা দাসক স্নাতক শাখাত সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে।

Exit mobile version