ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

666420b25843a assam heat wave yellow alerts in 14 districts prepare for heavy rains 081321119 16x9 1

Yellow Alert:✒️ৰাজ্যত পুনৰ বতৰে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা দেখা দিছে। ভাৰতীয় আবহাৱা বিভাগ(India Meteorological Department)আজি ৰাজ্যৰ ২৪খন জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি কৰি ধাৰাসাৰ বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দক্ষিণ শালমাৰা, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বৰপেটা, বাক্সা, বজালী, নলবাৰী, তামুলপুৰ, কামৰূপ, কামৰূপ (মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত এই সতৰ্কতা জাৰি কৰা হৈছে।

ইয়াৰ ভিতৰত কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বৰপেটা, বাক্সা, বজালী, তামুলপুৰ, কামৰূপ, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগত ধুমুহা বতাহ বোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

আনহাতে, দক্ষিণ শালমাৰা, ধুবুৰী, গোৱালপাৰা, কামৰূপ (মহানগৰ), দৰং, ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলং জিলাত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান কেন্দ্ৰই বঙাইগাঁও, চিৰাং, বৰপেটা, বজালী, তামুলপুৰ, কামৰূপ, শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাত অতিপাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰিছে।

ইয়াৰ উপৰিও, উক্ত সকলো জিলাত বিজুলী আৰু গাজনিসহ বৰষুণ হোৱাৰ সম্ভাৱনা থাকিব বুলি সতৰ্কতা জাৰি কৰা হৈছে।

প্ৰশাসনে জনসাধাৰণক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে আৰু বিশেষকৈ খোলা ঠাইত অৱস্থান নকৰা, গছ-গছনি আৰু দূৰ্বল গঠনসমূহৰ পৰা দূৰত থকাৰ পৰামৰ্শ দিছে।

Exit mobile version