AJP Pressmeet:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাত্ৰ চাৰিটা দিন থকা অৱস্থাত তীব্ৰ উৎকণ্ঠা বৃদ্ধি পাইছে শাসক- বিৰোধীৰ ৷ ইয়াৰ মাজতে পশ্চিমবংগৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ এঘন্টাৰ পিছতে দেশৰ কে’বাটাও প্ৰতিষ্ঠিত এগজিট প’ল সন্থাই প্ৰকাশ কৰে নিৰ্বাচনী সমীক্ষা ৷
নিৰ্বাচনী সমীক্ষা অনুসৰি অসমত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ হোৱাৰ পূৰ্বানুমান কৰা হয়। আনহাতে এগজিট প’ল সন্থাৰ এই নিৰ্বাচনী সমীক্ষা একেমুখে নস্যাৎ কৰিছে কংগ্ৰেছ সহ বিৰোধী ঐক্য মঞ্চই ৷
বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই দলৰ কাৰ্যালয়ত এক সংবামেল সম্বোধন কৰি এই এগজিট প’লে বিৰোধীৰ আত্মবিশ্বাস আৰু মনোবল কেতিয়াও ভাঙিব নোৱাৰে ৷ আচলতে এগজিট প’ল প্ৰকাশ সংস্থাই অসমৰ আৱেগ বুজি নাপায় ৷ বিগত ১০ বছৰত এগজিট প’লৰ পূৰ্বানুমান ৭২ শতাংশই মিলা নাই। কাৰ্যত সদ্য সমাপ্ত নিৰ্বাচনত বহুচৰ্চিত ২০-৩০ টা সমষ্টিত বিৰোধী ঐক্যজোঁটৰ প্ৰাৰ্থীয়ে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷
এই সমষ্টি কেইটাৰ ক্ষেত্ৰত এগজিট প’ল সন্থাবোৰে তেওঁলোকৰ সমীক্ষাৰ আওতাতে নল’লে। অৱশ্যে সকলো স্পষ্ট হ’ব ৪ মে’ৰ ফলাফল ৷ সেইদিনা জনতাৰ জনাদেশ বিৰোধীৰ পক্ষত হ’ব ৷ আনহাতে সংবাদমেলত উপস্থিত থকা অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে,অসমত আহিবলগীয়া ছুনামীৰ পূৰ্বে এইবাৰ অসমত বিৰোধীয়ে চৰকাৰ গঠন কৰাটো খাটাং ৷ মাত্ৰ আনুষ্ঠানিকতা বাকী ৷ ৪ মে’ত বিৰোধীৰ প্ৰৱেশ ,বিজেপিৰ প্ৰস্থান বুলি সদম্ভে ঘোষণা কৰে ভূঞাই।
