Heavy hail storm in Bengaluru:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-দেশৰ প্ৰযুক্তি চহৰ ৰূপে জনাজাত বেংগালুৰুত হঠাৎ অহা প্ৰৱল শিলাবৃষ্টিৰ ধুমুহাই মহানগৰ খনৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তোলে। মহানগৰখনৰ অধিকাংশ অঞ্চলত শিলাবৃষ্টিৰ শুভ্র দলিচাই বগা কৰি পেলায়। বিশেষকৈ কান্তিৰাভা ষ্টেডিয়ামৰ দৰে অঞ্চলবোৰ শিলাবৃষ্টিৰ ডাঠ তৰপেৰে আবৃত হৈ পৰে ৷
একেদৰে প্ৰায়বোৰ পথ- উপ-পথ ,উদ্যান আৰু মুকলি ঠাইবোৰ বৰফৰ শিলাবৃষ্টিৰ শুভ্র দলিচাই আবৃত হৈ পৰাত বহু বাসিন্দাই ভিডিঅ’ আৰু ফটো ম’বাইলত আবদ্ধ কৰিবলৈ বাসগৃহৰ পৰা ওলাই আহিছিল। সততে স্বাভাৱিক বতৰৰ বাবে পৰিচিত চহৰ খনৰ বাবে এই দৃশ্য আছিল অতিশয় অস্বাভাৱিক। ছ’চিয়েল মিডিয়াত বাহন আৰু ৰাজপথ বগা ৰঙৰ কম্বলেৰে ঢাকি দিয়া যেন দেখা গৈছিল, যিটো বেংগালুৰুত খুব কমেইহে দেখা যায়।
উল্লেখ্য যে কে’বাদিনো ধৰি অব্যাহত থকা অত্যাধিক গৰমৰ পিছত এই ধুমুহা- বৰষুণে সকলোকে শাত পেলাই। আনহাতে দীৰ্ঘদিন ধৰি সমগ্ৰ কৰ্ণাটকত স্বাভাৱিকতকৈ অধিক উষ্ণতাৰ পিছত এই হঠাৎ বতৰ পৰিৱৰ্তন ঘটিছে। বেংগালুৰুত উষ্ণতা প্ৰায় ৩৬–৩৭ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছিল ৷যিটো এপ্ৰিল মাহৰ সাধাৰণ গড়তকৈ বেছি। ৰাজ্যখনৰ আন আন অঞ্চল বিশেষকৈ উত্তৰ অঞ্চলত উষ্ণতাই ৪৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছিল ৷ যাৰ ফলত বাসিন্দাসকলৰ পৰিস্থিতি আৰু অধিক কঠিন হৈ পৰিছিল।
