Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

বাহনৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু একে পৰিয়ালৰ পাঁচজনৰ, বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি উভতাৰ পথত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো, বাহনৰ পৰা জঁপিয়াই কথমপি প্ৰাণ ৰক্ষা চালকৰ

WhatsApp Image 2026 04 30 at 1.44.12 PM

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত বুধবাৰে গভীৰ মাজনিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। লক্ষ্মনগড় আৰক্ষী থানা এলেকাৰ মৌজপুৰৰ সমীপত হঠাতে এখন চলন্ত বাহনত অগ্নিকাণ্ড সংঘটিত হয়। বাহনৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু একে পৰিয়ালৰ পাঁচজনৰ। মৃত লোকসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলা, এজন পুৰুষ আৰু এটি শিশু। আটাইকেইজন মধ্যপ্ৰদেশৰ শ্বেওপুৰৰ বাসিন্দা৷বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি উভতাৰ পথত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো।

উল্লেখ্য যে নিশা প্ৰায় ১ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ চেনেল নম্বৰ ১১৫/৩০০ৰ ওচৰত। আৰক্ষীয়ে প্ৰাথমিক তদন্তত নিশ্চিত হৈছে যে গাড়ীখন চিএনজি আৰু পেট্ৰ’ল দুয়োটাৰে চালিত আছিল। বাটত চিএনজি গেছ নিৰ্গত হোৱাৰ ফলত গাড়ীখনত জুই লাগে। জুই ইমান দ্ৰুতগতিত বিয়পি পৰে যে কেইছেকেণ্ডমানৰ ভিতৰতে সমগ্ৰ বাহনখন আগুৰি ধৰে।

আৰক্ষীয়ে জনোৱা মতে, মধ্যপ্ৰদেশৰ শ্বেওপুৰ জিলাৰ চৈনপুৰা গাঁৱৰ পৰিয়ালটো বৈষ্ণো দেৱী মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল। ভাড়াতীয়া টেক্সি এখনত উঠি গাঁৱলৈ উভতি আহিছিল। আলৱাৰ জিলাৰ লক্ষ্মণগড় আৰক্ষী থানা এলেকাৰ মৌজপুৰৰ কাষ চাপি অহাৰ সময়তে গভীৰ নিশা সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত পৰিয়ালৰ অধিকাংশ সদস্য শুই আছিল। জুই ইমানেই তীব্ৰ আছিল যে কোনোৱেই সুস্থ হোৱাৰ বা গাড়ীৰ পৰা নামিবলৈ সুযোগ নাপালে।

দুৰ্ঘটনাৰ সময়ত চালক বিনোদ কুমাৰে চলন্ত গাড়ীৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰে। কিন্তু তেওঁৰ প্ৰায় ৮০শতাংশ অগ্নিদগ্ধ হয় । প্ৰথমে তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে জয়পুৰৰ ছাৱাই মানসিং (এছ এম এছ) চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

স্মতৰ্ৱ্য যে অগ্নিকাণ্ড ইমানেই তীব্ৰতৰ হৈ পৰিছিল যে গাড়ীত থকা পাঁচোজন লোকৰ মৃতদেহ সম্পূৰ্ণৰূপে ছাইলৈ পৰিণত হৈছিল। ডি এন এ পৰীক্ষাৰ জৰিয়তে তেওঁলোকৰ চিনাক্তকৰণ কৰা হ’ব। ঘটনাস্থলীলৈ চিকিৎসা দল আৰু ফৰেনছিক বিজ্ঞান লেবৰেটৰী (এফ এছ এল)ৰ এটা দলক মাতি অনা হৈছে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে লক্ষ্মনগড় আৰক্ষী থানা, অগ্নিনিৰ্বাপক বাহিনী, প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হয়। জুই নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা হৈছিল দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। অৱশ্যে জুই ইমান দ্ৰুতগতিত বিয়পি পৰিল যে কাকো ৰক্ষা কৰিব নোৱাৰিলে। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আলৱাৰৰ আৰক্ষী অধীক্ষক সুধীৰ চৌধুৰী, ডিএছপি কৈলাশ জিন্দলকে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়া।

Exit mobile version