War Powers Act:✒️ইৰাণ আৰু আমেৰিকাৰ মাজত বৰ্তমান যুদ্ধ নহয়, বৰং যুদ্ধবিৰতি চলি আছে বুলি ঘোষণা কৰিছে হাৱাইত হাউছে (White House)। ড’নাল্ড ট্ৰাম্প (Donald Trump)নেতৃত্বাধীন আমেৰিকা চৰকাৰৰ মতে, এই পৰিস্থিতিত ১৯৭৩ চনৰ ‘ৱাৰ পাওৱাৰ্ছ এক্ট(War Powers Act )উলংঘনৰ কোনো সম্ভাৱনা নাই।
উক্ত আইন অনুসৰি, কংগ্ৰেছৰ অনুমোদন নোহোৱাকৈ আৰম্ভ কৰা যিকোনো সামৰিক অভিযানত ৬০ দিনৰ সময়সীমা নিৰ্ধাৰিত থাকে। এই সময়ছোৱাত ৰাষ্ট্ৰপতিয়ে নিজৰ ক্ষমতাৰে সামৰিক পদক্ষেপ চলাই থাকিব পাৰে। তাৰ পাছত বাহিনী প্ৰত্যাহাৰৰ বাবে অতিৰিক্ত ৩০ দিন সময় ল’ব পাৰে।
উল্লেখযোগ্য যে, যোৱা ২৮ ফেব্ৰুৱাৰীত পেণ্টাগনে(Pentagon) ইৰাণৰ বিৰুদ্ধে ‘অপাৰেশ্যন এপিক ফিউৰি’ আৰম্ভ কৰিছিল। নিয়ম অনুসৰি ৪৮ ঘণ্টাৰ ভিতৰত কংগ্ৰেছক এই বিষয়ে অৱগত কৰা হৈছিল।
চৰকাৰৰ মতে, ৬০ দিনৰ সময়সীমা এক মে’ত শেষ হৈছে। তাৰ পূৰ্বে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ স্পীকাৰ মাইক জনছনে (Mike Johnson) কয়, “বৰ্তমান আমি যুদ্ধত নাই, শান্তি স্থাপনৰ চেষ্টা চলি আছে।”
আনহাতে, আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে(Pete Hegseth) মন্তব্য কৰে, “এতিয়া যুদ্ধবিৰতি চলি আছে, সেয়ে আইনৰ ৬০ দিনৰ ‘ঘড়ী’ স্থগিত হৈ আছে।”
কিন্তু এই সময়সীমা কেতিয়া শেষ হ’ব, তাক লৈ ইতিমধ্যে বিতৰ্ক আৰম্ভ হৈছে। কেবাজনো আইন বিশেষজ্ঞৰ মতে, সামৰিক অভিযান আৰম্ভ হোৱাৰ ৬০ দিনৰ পিছতেই এই সময়সীমা গণনা কৰা উচিত, যাৰ ফলত এই সময়সীমা ২৯ এপ্ৰিলত শেষ হৈছিল।
আনহাতে চৰকাৰৰ যুক্তি অনুসৰি, কংগ্ৰেছক আনুষ্ঠানিকভাৱে অৱগত কৰাৰ সময়ৰ পৰা গণনা আৰম্ভ হয়, যাৰ ফলত এক মে’ত সময়সীমা শেষ হৈছে।
