জবলপুৰত ভয়ংকৰ ক্ৰুজ দুৰ্ঘটনা: মৃতৰ সংখ্যা নজনলৈ বৃদ্ধি

অব্যাহত উদ্ধাৰ অভিযান

1200 675 26593394 7 26593394 1777567682265

Jabalpur:✒️মধ্যপ্ৰদেশৰ জবলপুৰ(Jabalpur) ত নৰ্মদা নদী(Narmada River)ত সংঘটিত হোৱা শোকাৱহ ক্ৰুজ দুৰ্ঘটনাত মৃতৰ সংখ্যা ন জনলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে পুৱা উদ্ধাৰকাৰী দলে দুটা মৃতদেহ উদ্ধাৰ কৰাৰ পাছত এই সংখ্যা বৃদ্ধি পায়।

বৰ্তমানেও কেবাজনো যাত্ৰী সন্ধানহীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত উদ্ধাৰ অভিযান অব্যাহত আছে।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে প্ৰায় ৪০ জন যাত্ৰীসহ এখন ক্ৰুজ হঠাৎ অহা ধুমুহাৰ ফলত নদীত বাগৰি যায়।বৰ্গী বান্ধ( Bargi Dam)ৰ সমীপত সংঘটিত হোৱা এই ঘটনাৰ পিছতেই তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।

বাৰ্গি টাউনৰ আৰক্ষী অধীক্ষক অঞ্জুল মিশ্ৰা (Anjul Mishra)য়ে জনোৱা মতে, ঘটনাৰ পাছত ২২ জন যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে যদিও আন ১৮ জন যাত্ৰী সন্ধানহীন হৈ পৰে। ইয়াৰে ইতিমধ্যে ন জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হোৱা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰাকেশ সিংহে(Rakesh Singh) কয়, “আৰু দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। একাংশ যাত্ৰী লাইফ জেকেট পিন্ধি আছিল যদিও ক্ৰুজখনৰ এচি কেবিনত থকা বাবে ডুব যোৱাৰ পাছত ওলাই আহিব নোৱাৰিলে।”

আৰক্ষী, অসামৰিক বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ যৌথ দলে পেছাদাৰী ডুবাৰু, মটৰবোট আৰু স্পীডবোটৰ সহায়ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

জিলা প্ৰশাসনে ইতিমধ্যে ২২ জন জীৱিত লোকৰ তালিকা প্ৰকাশ কৰিছে, যাৰ অধিকাংশই অন্য ৰাজ্যৰ পৰ্যটক।

প্ৰত্যক্ষদৰ্শীৰ বিৱৰণ অনুসৰি, সন্ধিয়া প্ৰায় ছয় বজাত ক্ৰুজখন ধুমুহাৰ কবলত পৰি ভাৰসাম্য হেৰুৱাই ডুব যায়। ক্ৰুজখনৰ নিয়ন্ত্ৰক মহেশে কয় যে তেওঁৰ ১০ বছৰৰ অভিজ্ঞতাত এনে ভয়ংকৰ বতৰৰ সন্মুখীন হোৱা নাছিল। ধুমুহা ইমানেই তীব্ৰ আছিল যে বহু যাত্ৰীয়ে লাইফ জেকেট পিন্ধিবলৈ সময়েই নাপালে।

ঘটনাটোত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী মোহন যাদৱে(Mohan Yadab)। তেওঁ উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে নিহতসকলৰ পৰিয়ালক চাৰি লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে।

উল্লেখযোগ্য যে, জবলপুৰৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত অৱস্থিত বাৰ্গি বান্ধ অঞ্চলটো মধ্যপ্ৰদেশ পৰ্যটনৰ অধীনত থকা এক জনপ্ৰিয় পৰ্যটনকেন্দ্ৰ, য’ত জল ক্ৰীড়াৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই দুৰ্ঘটনাই পৰ্যটন সুৰক্ষা ব্যৱস্থাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।

Exit mobile version