1st May celebration:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:আজি বিশ্বজুৰি পালন কৰা হয় মে’ দিৱস ৷ সমগ্ৰ দেশৰ লগতে নলবাৰী আৰু চিৰাঙতো আন্তৰ্জাতিক মে’ দিৱস উদযাপন কৰা হয় মে দিৱস ৷
সেই অনুসৰি নলবাৰী জিলা মটৰ শ্ৰমিক ইউনিয়ন,নলবাৰী জিলা সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক সন্থাৰ আৰু অল ইণ্ডিয়া ৰোড্ ট্ৰাঞ্চপোৰ্ট ওৱাৰ্কাৰ্চ ফেডাৰেচনৰ যৌথ উদ্যোগত নলবাৰীত আন্তৰ্জাতিক মে’ দিৱস উদযাপন।
আনহাতে চিৰাঙৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শোধনাগাৰ টোৰ ৭ টাকৈ শ্ৰমিক সংগঠনৰ উদ্যোগত আজি ঐতিহাসিক মে দিৱস উদযাপন কৰে শ্ৰমিক সকলে। আজি সমগ্ৰ বিশ্বতে শ্ৰমিক সকলে নিজৰ দাবীৰ সমৰ্থনত এই মে দিৱস উদযাপন কয়িবলৈ ওলাই আহে সমজুৱা ভাবে। শ্ৰমিক অধিকাৰ দিৱস উদযাপন কৰা এই সকল শ্ৰমিকে শ্ৰমকোড বাতিল, শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ লগতে শ্ৰমিকৰ কৰ্মৰ সময় সহ বিভিন্ন দাবী লৈ বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয় । শ্ৰমিক সকলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দীৰ্ঘ পথ সমদল কৰে । ইয়াৰ পূৰ্বে স্মৃতি তৰ্পণ কৰাৰ লগতে শ্ৰমিক দিৱসৰ তাৎপৰ্য সম্পৰ্কে শ্ৰমিক সংগঠনৰ নেতৃত্বই বৰ্ণনা কৰে ।
