349 kg of cocaine worth Rs 1,745 crore seized in Mumbai:মুম্বাইত নার্কোটিক্স বিভাগৰ বৃহৎ সাফল্য

১৭৪৫ কোটি টকাৰ ৩৪৯ কিলোগ্রাম নিষিদ্ধ কোকেইন জব্দ, কেন্দ্রীয় গৃহমন্ত্রীয়ে নার্কোটিক্স বিভাগক জনালে অভিনন্দন

WhatsApp Image 2026 05 01 at 1.42.44 PM

349 kg of cocaine worth Rs 1,745 crore seized in Mumbai:

 দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মুম্বাইত বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ ৷ বিশেষ সূত্ৰৰ পমখেদি নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰোৰ (এনচিবি)এটা বৃহৎ দলে মুম্বাই নৌ বন্দৰৰ ওচৰত অৰ্তকিতে অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছৰ এক বৃহৎ ৰেকেটক উৎখাত কৰিবলৈ সক্ষম হয় ৷ এনচিবিৰ দলটোৱে ৩৪৯ কিলোগ্রাম নিষিদ্ধ কোকেইন জব্দ কৰে। যাৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ১৭৪৫ কোটি হ’ব বুলি অনুমান কৰা হৈছে। ড্ৰাগছ সৰবৰাহকাৰীৰ চক্ৰটোৱে অতি কৌশলেৰে কণ্টেইনাৰত লুকুৱাই দক্ষিণ আমেৰিকাৰ পৰা সাগৰৰ মাজেৰে ভাৰতলৈ আনিছিল ।

এনচিবিৰ বিষয়াসকলৰ মতে জব্দকৃত কোকেইন খিনি দিল্লী, মুম্বাইৰ দৰে মহানগৰৰ লগতে বিদেশতো যোগান ধৰাৰ উদ্দেশ্যে আছিল সৰবৰাহকাৰী চক্ৰটোৰ । এই বৃহৎ পৰিমাণৰ কোকে সৰবৰাহৰে জড়িত কেইবাজনো বিদেশী নাগৰিককে ধৰি এটা বৃহৎ ড্ৰাগছ ছিণ্ডিকেটৰ সদস্যক আটক কৰি জেৰা অব্যাহত ৰাখিছে এনচিবিয়ে ৷

আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুম্বাইত ৩৪৯ কেজি উচ্চমানৰ কোকেইন জব্দ কৰাৰ বাবে এনচিবিৰ দলটোক অভিনন্দন জনাই ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অবিৰত অভিযান অব্যাহত থাকিব আৰু ইয়াৰ স’তে জড়িত সকলক নি:শেষ কৰাৰ বাবে কাৰ্টেল সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ কেন্দ্ৰীয় চৰকাৰ । গৃহমন্ত্ৰীয়ে এই বৃহৎ সফলতাক ড্ৰাগছমুক্ত ভাৰতৰ অভিযানত এক মাইলৰ খুঁটি বুলি অভিহিত কৰে।

Exit mobile version