Executive engineer arrested for taking bribe:উৎকোচ লৈ গ্ৰেপ্তাৰ মঙলদৈ জলসিঞ্চনৰ কার্যবাহী অভিযন্তা

বিল আদায়ৰ বিনিময়ত ২৫ হেজাৰ টকা আদায়

WhatsApp Image 2026 05 01 at 11.33.17 AM

Executive engineer arrested for taking bribe:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:দীর্ঘদিন অনাদায় ঠিকাৰ বিলৰ ধন মোকলাই দিয়াৰ বিনিময়ত উৎকোচ আদায়ৰ অভিযোগত আজি কাৰ্যালয়ৰ চৌহদতে হাতে-লোটে ধৰা পৰে মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা তাজুল ইছলাম ছিদ্দিকী। আজি বিয়লি তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ এক অভিযানত কাৰ্যবাহী অভিযন্তাজন এনেদৰে ধৰা পৰে। নিশালৈকে কাৰ্যালয়তে ছিদ্দিকীৰ লগতে উৎকোচ দাবীৰ অভিযোগ কৰা ঠিকাদাৰ পুতুল আলীকো দুর্নীতি নিবাৰক শাখাই সোধপোছ অব্যাহত ৰাখিছে। অভিযোগ অনুসৰি, ঠিকাদাৰ পুতুল আলীৰ পৰা কাৰ্যবাহী অভিযন্তা ছিদ্দিকীয়ে ৩০ হেজাৰ টকা দাবী কৰিছিল। সেই ধন আদায় নিদিয়াৰ বাবে বিলৰ ধন উলিয়াই দিয়াত বিধি-পথালি দি আহিছিল।

উল্লেখ্য যে বৃহস্পতিবাৰে মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ ১৪ গৰাকী কৰ্মচাৰীৰ অৱসৰৰ বিদায় সভা আছিল। সেই সভা শেষ হোৱাত ছিদ্দিকী বাহিৰলৈ ওলাই আহে। তেনে সময়তে পুতুল আলীয়ে ছিদ্দিকীৰ হাতত ২৫ হেজাৰ টকা তুলি দিয়ে। পূর্ব পৰিকল্পিতভাৱে এই কাম কৰা হয়। সেই সময়তে তাত খাপ পিটি থকা দুর্নীতি নিবাৰক শাখাৰ দলে ছিদ্দিকীক উৎকোচৰ ধনসহ হাতে-লোটে কৰায়ত্ত কৰে। এনেদৰে কাৰ্যবাহী অভিযন্তা ধৰা পৰাক লৈ সেই সময়ত কার্যালয়ত উপস্থিত থকা বিষয়া-কর্মচাৰীসকল হতভম্ব হৈ পৰে। ইয়াকে লৈ বিভিন্ন ধৰণৰ প্ৰতিক্রিয়াও একাংশই প্রকাশ কৰে। একাংশ ঠিকাদাৰে দাবী কৰা অনুসৰি, পুতুল আলীয়ে ছিদ্দিকীৰ জৰিয়তে কিছুদিন পূর্বে কে’বা লাখ টকাৰ বিল আদায় লৈছিল। তাৰ বাদেও অতিৰিক্ত ধন পাবলৈ থকাত পুনৰ যোগাযোগ কৰে। আনকি ঠিকাদাৰ আলীৰ লগত ছিদ্দিকীৰ ঘনিষ্ঠ সম্পর্ক আছিল বুলিও বিভাগটোৰ একাংশ কৰ্মচাৰীয়ে সদৰী কৰে।

ইপিনে, দুর্নীতি নিবাৰক শাখাই জনায় যে কার্যবাহী অভিযাজনে উৎকোচ দাবীৰ পৰিপ্ৰেক্ষিতত ঠিকাদাৰজনে বিভাগটোৰ আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিতে আজি চলোৱা অভিযানত নগদ ২৫ হেজাৰ টকাসহ কাৰ্যবাহী অভিযন্তা ছিদ্দিকী হাতে-লোটে ধৰা পৰে। এই ঘটনাক লৈ তদাৰকী-দুর্নীতি নিবাৰক শাখাৰ আৰক্ষী থানাত ৬/২০২৬ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে।

Exit mobile version