ছটা শিতানত কেন্দ্রই আবণ্টন দিয়া বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে অসম চৰকাৰে

ব্যয়ত ব্যর্থ আন্তঃগাঁথনিৰ ৩০৬৯ কোটি

IMG 20260502 110857

অসমৰ দৰে ৰাজ্যত আন্তঃগাঁথনি নির্মাণে উন্নয়নৰ নতুন নতুন দুৱাৰ মুকলি কৰে। অর্থনৈতিকভাৱে পিছপৰা ৰাজ্যখনৰ ক্ষেত্ৰত সেয়েহে দ্রুত আন্তঃগাঁথনি নির্মাণ অপৰিহাৰ্য। অথচ এইখন অসমতে আন্তঃগাঁথনি উন্নয়ন শিতানত অব্যৱহৃত হৈ পৰি ৰৈছে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা হেজাৰ হেজাৰ কোটি টকা। পুঁজি হাতত জমা থকাৰ পাছতো একমাত্র নিজৰ অদক্ষতা আৰু পৰিকল্পনাহীনতাৰ পৰিণতিত কেন্দ্রীয় পুঁজি ব্যয় কৰাত ব্যর্থ হয় অসম চৰকাৰ।

যোৱা ৩১ মাৰ্চত সামৰণি পৰা ২০২৫-২৬ বিত্তীয় বর্ষত আন্তঃগাঁথনি শিতানত ৰাজ্যখনে কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰা ৩.০৬৯.১৯ কোটি টকাই ব্যয় কৰিব নোৱাৰিলে। উত্তৰ-পূব উন্নয়ন মন্ত্রণালয়ে নিৰূপণ কৰা হিচাপ অনুসৰি মুঠ ছটা শিতানত অসমে এই বৃহৎ পৰিমাণৰ পুঁজি ব্যয়ত ব্যর্থ হয়। শিতানকেইটা হ’ল- উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে প্রধানমন্ত্রীৰ বিশেষ উন্নয়ন পদক্ষেপ, উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি (পথক বাদ দি), উত্তৰ-পূর্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি (পথ), উত্তৰ-পূব পৰিষদৰ অধীনত ৰূপায়ণ কৰা আঁচনি আৰু বিশেষ পেকেজ।

উল্লেখ্য যে এই সকলো আঁচনি ৰূপায়ণৰ ন’ডেল মন্ত্রণালয় হ’ল উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগ (ড’নাৰ)। এই মন্ত্রণালয়ৰ জৰিয়তেই অসমে এই বৃহৎ পৰিমাণৰ পুঁজি লাভকৰিছিল।

দিছপুৰৰ তথ্যত প্রকাশ যে যোৱা বিত্তীয় বৰ্ষত অসমে আন্তঃগাঁথনি উন্নয়নৰ উক্ত শিতানকেইটাত কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা মুঠ পুঁজিৰ পৰিমাণ আছিল ৬,১৮৫.৫০ কোটি টকা। ইয়াৰ ভিতৰত অসম চৰকাৰে ব্যয় কৰিবলৈ সক্ষম হয় ৩,১১৬.৩১ কোটি টকা। ইয়াৰ ফলত অব্যাহত হৈ পৰি ৰয় ৩০৬৯.১৯ কোটি টকা।

অব্যৱহৃত সর্বাধিক পুঁজি ৰৈ যোৱা শিতানটো হ’ল পথক বাদ দি উত্তৰ-পূর্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন। এই শিতানত অব্যৱহৃত হৈ পৰি ৰয় ১,১০৪.৬১ কোটি টকা। ইয়াৰ পাছতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ বিশেষ উন্নয়ন পদক্ষেপ শিতানত ৰৈ যোৱা পুঁজিৰ পৰিমাণ হ’ল ৮৮৬.৮০ কোটি টকা। ইয়াৰ পাছত কেন্দ্ৰৰ বিশেষ পেকেজৰ ৬৮২.৫৭ কোটি টকা খৰচ নোহোৱাকৈ পৰি ৰয়।

উত্তৰ-পূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ পথ শিতানত খৰচ নহ’ল ৩২২.৬৭ কোটি টকা আৰু উত্তৰ-পূব পৰিষদৰ খৰচ নহ’ল ৭২.৫৪ কোটি টকা। নিয়ম অনুসৰি এই প্ৰতিটো শিতানৰ পুঁজি মোকলাই দিয়া হয় বিভিন্ন আঁচনিৰ বিপৰীতে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে আন্তঃগাঁথনি নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰি সেইবোৰ নিজৰ নিজৰ মন্ত্রণালয়ৰ ওচৰত দাখিল কৰিব লাগে। তাৰ পাছত সেইবোৰৰ পৰ্যালোচনা কৰা হয়।

সর্বশেষত মন্ত্রণালয়বোৰে প্রয়োজনীয়তা আৰু অগ্রাধিকাৰ ভিত্তিত নির্বাচিত আঁচনিত অনুমোদন জনাই পুঁজি আবণ্টন দিয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত ড’নাৰ মন্ত্রণালয়ৰ জৰিয়তে এই পুঁজি আবণ্টন দিয়া হয়। পুঁজি আবণ্টনৰ প্ৰাথমিক চৰ্তটো হ’ল সময়মতে আঁচনিৰ কাম আগবঢ়াই সমাপ্ত কৰা।

অৱশ্যে বেছিভাগ ক্ষেত্ৰতে নির্ধাৰিত আঁচনিৰ কাম সম্পূর্ণ নহ’লেও অন্ততঃ ৰূপায়ণ প্রক্রিয়া অব্যাহত থাকে। সেই অনুসৰিয়েই সংশ্লিষ্ট শিতানকেইটাৰ ২৬০ খন আচনিৰ কাম সম্প্রতি অব্যাহত আছে। ইয়াৰ বিপৰীতে যি বৃহৎ পৰিমাণৰ ধন খৰচেই নহ’ল, সেইবোৰৰ বিপৰীতে আবণ্টিত আঁচনিৰ কাম আৰম্ভই নহ’ল। কেন্দ্ৰীয় পুঁজিৰ সঠিক ব্যৱহাৰ তথা আঁচনি ৰূপায়ণ অগ্ৰগতিৰ বিষয়টো নিৰীক্ষণ আৰু পৰ্যালোচনাৰ বাবে আঁচনিবোৰৰ লগত জড়িত বিভাগবোৰৰ বৈঠকো সময়ে সময়ে অনুষ্ঠিত হৈ আহিছে।

পুঁজিৰ সঠিক ব্যৱহাৰ, আঁচনিৰে ক্ষিপ্ৰ ৰূপায়ণ আদি দিশবোৰ এই বৈঠকবোৰত আলোচনা কৰি সংশ্লিষ্ট ৰাজ্যক প্রয়োজন অনুসৰি সতর্কও কৰি দিয়া হয়; কিন্তু অসম চৰকাৰক এনে সতর্কবাণীয়েও তলাব নোৱাৰিলে। ফলস্বৰূপে আবণ্টিত পুঁজিৰ বৃহৎ অংশ অব্যৱহৃত হৈ ৰ’ল। ইয়াৰ ফলত অসমৰ দৰে ৰাজ্যত আন্তঃগাঁথনি উন্নয়নো বৃহৎ মাধমাৰৰ বলি হয়।

আঁচনিৰ বিপৰীতে এটকাও ব্যয় কৰিব নোৱাৰা পুঁজি ঘূৰি যোৱাৰো সম্ভাৱনা প্রবল বুলি দিছপুৰৰ সূত্ৰত প্রকাশ।

Exit mobile version