ভাৰতীয় মহিলাৰ ঋণ গ্ৰহণৰ প্ৰৱণতা সলনি হৈছে। এতিয়া দেশৰ মহিলাই কেৱল গহনা বন্ধকত ৰাখি ঋণ লোৱাতে আবদ্ধ থকা নাই, বৰঞ্চ নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ মহিলাই ঋণ গ্রহণ আৰম্ভ কৰিছে।
প্ৰথমবাৰৰ বাবে দেশত ঋণ গ্রহণত পুৰুষক প্রত্যাহ্বান জনাইছে মহিলাই। ক্রিফ হাই মার্ক নামৰ ক্রেডিট সংস্থাই প্রকাশ কৰা প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ফেব্ৰুৱাৰী ২০২৬ লৈকে ১২ মাহত দেশত মহিলাৰ ঋণ গ্ৰহণৰ অংশীদাৰী আছিল ৪১ শতাংশ।
ফেব্ৰুৱাৰী ২০২২ত মহিলাৰ ঋণ গ্ৰহণৰ এই হাৰ আছিল ৩৩ শতাংশ। মহিলাৰ মাজত ঘৰুৱা সা-সামগ্রী যেনে টিভি, ফ্রিজ, ৱাছিং মেচিন আদি ক্ৰয়ৰ বাবে ঋণ গ্রহণ কৰাৰ প্ৰৱণতা বৃদ্ধিৰ লগতে উত্তৰ প্ৰদেশ, পশ্চিমবংগৰ দৰে ৰাজ্যত মহিলাই ব্যৱসায়ৰ বাবে ঋণ গ্রহণ বৃদ্ধি কৰিছে।
দক্ষিণ ভাৰতত গ’ল্ড লোন অর্থাৎ স্বর্ণ অলংকাৰ বন্ধকীৰ জৰিয়তে ঋণ গ্রহণ মহিলাৰ মাজত সর্বাধিক হৈছে। ২০২৫ বৰ্ষত ভাৰতত ৪.৪ কোটি মহিলাই প্রথমবাৰলৈ ঋণ গ্রহণ কৰিছিল।
প্ৰথমবাৰলৈ ঋণ লোৱা মহিলাৰ ৩২ শতাংশই বাছিং মেচিন, ফ্রিজ বা টিভি ক্ৰয়ৰ বাবে ঋণ লৈছিল। প্রতিবেদনত উল্লেখ কৰা অনুসৰি, গ’ল্ড লোন গ্ৰহণ কৰা মহিলাৰ ৮৪.৫ শতাংশই পৰৱৰ্তী ঋণ একে পদ্ধতিৰে গ্ৰহণ কৰে।
মহিলাৰ মাজত গ’ল্ড লোন ২০.২ শতাংশ, দুচকীয়া বান ঋণ ১৬.৯ শতাংশ, ব্যক্তিগত ঋণ ১১.০ শতাংশ আৰু ব্যৱসায়িক ঋণ ৯.৫ শতাংশই গ্রহণ কৰিছিল। দেশত উত্তৰ প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰত মহিলা ঋণ গ্ৰহণকাৰীৰ সংখ্যা সর্বাধিক হৈছে। উত্তৰ আৰু পূব ভাৰতৰ মহিলাই ব্যৱসায়ৰ বাবে সর্বাধিক ঋণ গ্রহণ কৰিছে।
