সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

1771659860 lebanon 1

সংঘর্ষ বিৰতি চুক্তি লঙ্ঘন কৰি পুনৰ লেবাননত আক্ৰমণ চলালে ইজৰাইলে। শুকুৰবাৰে নাবাতিয়েহ জিলাৰ হাব্বুশ এলেকাত ইজৰাইলী ক্ষেপণাস্ত্ৰ আক্ৰমণত কমেও আঠ জন লোক নিহত হয় আৰু আন কমেও ১০ জন গুৰুতৰভাৱে আহত হয়। নিহতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু এটা শিশুও আছিল।

ইফালে টায়াৰ জনপদ আৰু তাৰ আশে-পাশে থকা কেবাটাও এলেকাত চলোৱা আন আক্ৰমণত আৰু চাৰি জনৰ মৃত্যু হোৱা বুলি আল জাজিৰা(Al Jazeera)এ প্ৰকাশ কৰিছে।

তথ্য অনুসৰি দুই মাৰ্চৰ পৰা এতিয়ালৈকে লেবাননত ইজৰাইলী আক্ৰমণত মৃত্যুৰ সংখ্যা ২৬০০ অতিক্ৰম কৰিছে।

উল্লেখযোগ্য যে, ২৮ ফেব্ৰুৱাৰীত ইৰাণত ইজৰাইলী আক্ৰমণৰ পাছতে তেহৰাণ-সমৰ্থিত শিয়া সশস্ত্ৰ সংগঠন হিজবুল্লাহই প্ৰত্যাঘাত কৰিছিল। তাৰ প্ৰত্যুত্তৰত ৰাজধানী বেইৰুটসহ লেবাননৰ বিস্তৃত অঞ্চলত ক্ষেপণাস্ত্ৰ আৰু বায়ুসেনাৰ আক্ৰমণ আৰম্ভ কৰে ইজৰাইলে। এই সংঘাতৰ ফলত এতিয়ালৈকে প্ৰায় আঠ লাখ লোক গৃহহীন হৈ পৰিছে।

এই পৰিস্থিতিত United Nations ৰ শান্তিৰক্ষী বাহিনীৰ সুৰক্ষা লৈও উদ্বেগ প্ৰকাশ কৰা হৈছে। ভাৰতসহ প্ৰায় ৩০খন দেশে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছিল। ইয়াৰ মাজতে ১৬ এপ্ৰিলত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইল আৰু লেবাননৰ মাজত ১০ দিনীয়া সংঘর্ষবিৰতি ঘোষণা কৰিছিল।

পশ্চিম এছিয়াত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ইজৰাইল-লেবানন সংঘাত এক গুৰুত্বপূৰ্ণ বাধা হিচাপে বিবেচিত হৈছে। বিশেষকৈ ইৰাণৰ স’তে আমেৰিকা আৰু ইজৰাইলৰ সম্ভাব্য বুজাবুজিৰ ক্ষেত্ৰতো এই সংঘর্ষবিৰতি অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰা হৈছে। ইৰাণে ইতিপূৰ্বে দাবী কৰি আহিছে যে, কোনো ধৰণৰ বুজাবুজিৰ পূৰ্বে লেবাননত ইজৰাইলৰ আক্ৰমণ বন্ধ হ’ব লাগিব।

উল্লেখ্য, সাত অক্টোবৰ ২০২৩ হামাছ আক্ৰমণৰ পাছত গাজাত আৰম্ভ হোৱা সংঘাতৰ প্ৰেক্ষাপটতে দক্ষিণ লেবাননত সক্ৰিয় হৈ উঠিছিল হিজবুল্লাহ। তাৰ পিছৰে পৰা দুয়ো পক্ষৰ মাজত সংঘর্ষ অব্যাহত আছিল। পাছত আমেৰিকা আৰু ফ্ৰান্সৰ মধ্যস্থতাত অস্থায়ী যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱা হৈছিল যদিও, শেহতীয়াকৈ পুনৰ সংঘাত তীব্ৰ হৈ উঠাৰ আশংকা দেখা দিছে।

Exit mobile version