Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ

WhatsApp Image 2026 05 02 at 1.05.04 PM

Bijni Murder:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড I পত্নীক ঘপিয়াই হত্যা স্বামীৰ। স্বামীয়ে সুৰা সেৱন কৰি দাৰে ঘপিয়াই হত্যা পত্নীক। বিজনী থানাৰ অন্তৰ্গত মঙ্গোলিয়ানৰ থুৰিবাৰীত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। কালি নিশাৰ ভাগত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা।হত্যাকাৰী স্বামী শুকুৰ বসুমতাৰীক(৫৫) গ্ৰেপ্তাৰ বিজনী আৰক্ষীৰ।

ঘটনাৰ বিৱৰণী অনুসৰি কালি পৰিয়ালটোৰ ঘৰত চলি থকা নাতিনীয়েকৰ নামাকৰণৰ মাঙ্গলিক অনুষ্ঠানৰ অন্তত নিশা ১২ মান বজাত স্বামী শুকুৰ বসুমতাৰীয়ে(৫৫) সুৰাসক্ত অৱস্থাত পত্নী সবিতা বসুমতাৰীক(৪৪) দাৰে ঘপিয়াই হত্যা কৰে। জানিব পৰা মতে স্বামী আৰু পত্নী দুয়োজনেই সুৰা সেৱন কৰিছিল। সুৰাসক্ত অৱস্থাত স্বামী পত্নীৰ মাজত হোৱা কাজিয়াৰ পৰিণতিতে স্বামীয়ে হত্যা কৰে পত্নীক।

পাছত আজি পুৱাৰ ভাগত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী স্বামী শুকুৰ বসুমতাৰীক ঘৰতেই গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Exit mobile version