Myanmar’s former leader Aung San Suu Kyi moved to house arrest:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বৌদ্ধ পূৰ্ণিমাৰ পবিত্ৰ দিনটোতে সুদীৰ্ঘ পাঁচবছৰ পিছত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল ম্যানমাৰৰ প্ৰাক্তন নেত্ৰী তথা শান্তিৰ নোবেল বঁটা বিজয়ী আং ছান চ্যু কী ৷ অৱশ্যে কাৰাগাৰৰ পৰা মুকলি হলেও দেশখনৰ সামৰিক শাসক জুন্টা চৰকাৰে আংছান চ্যু কীক জেলৰ পৰা তেওঁৰ বাসগৃহলৈ স্থানান্তৰ কৰি একপ্ৰকাৰ গৃহবন্দী কৰি ৰাখিব
উল্লেখ্য যে সামৰিক নেতা মিন আং হ্লাইং ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে সামৰিক শাসিত দেশখনক গণতন্ত্ৰৰ আভাস দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা বুলি ধাৰণা কৰা হৈছে। ম্যানমাৰৰ তথ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে জনোৱা মতে, ৰাষ্ট্ৰপতি গৰাকীয়ে নাই পিয় টাউ কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা দেশ খনৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী আংছান চ্যু কীক বাকী থকা শাস্তি গৃহবন্দীলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পূৰ্বে ছ্যু কীক ২০২১ত সামৰিক শাসক জুণ্টা চৰকাৰে চ্যু কীৰ নেতৃত্বাধীন গণতান্ত্ৰিক চৰকাৰক উৎখাত কৰি তেওঁক নিক্ষেপ কৰিছিল কাৰাগাৰলৈ ৷
স্মতৰ্ৱ্য যে বিগতবৰ্ষৰ ডিচেম্বৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পিছত এই সংসদত অভ্যুত্থানৰ নেতৃত্ব দিয়া আৰু তেতিয়ালৈকে জন্টা দলৰ মুৰব্বী হিচাপে কৰ্মৰত জ্যেষ্ঠ জেনেৰেল মিন আং হ্লাইঙক ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হয়। ৰাষ্ট্ৰপতি হোৱাৰ পিছত হ্লাইঙে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ আশাৰে কেতবোৰ আশাব্যঞ্জক কাম কৰাৰ প্ৰয়াস কৰে ৷ শেহতীয়াকৈ ম্যানমাৰক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ প্ৰয়োজন হৈ পৰিছে৷ যাৰফলস্বৰূপে ৰাষ্ট্ৰপতি মিন আং হ্লাইঙ ম্যানমাৰৰ গণতান্ত্রিক নেত্রী আং চান চ্যু কীক মুকলি কৰি আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সমৰ্থন আদায়ৰ চেষ্টা কৰে ৷
উল্লেখ্য যে সামৰিক শাসক জুন্টা চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা দেশখনৰ অৰ্থনীতিৰ পতন ঘটিছে ৷ বিশেষকৈ যোৱা বছৰৰ ভয়াৱহ ভূমিকম্পৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে আৰু দেশখনে একাধিক জাতিগত বিদ্ৰোহৰ সন্মুখীন হৈছে। যোৱা ১৭ এপ্ৰিলত ৪৩০০ৰো অধিক ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়া হৈছিল। যাৰ ভিতৰত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি উইন মাইণ্টক। জুন্টাই এই পদক্ষেপক ম্যানমাৰৰ নৱবৰ্ষ উপলক্ষে লোৱা পদক্ষেপ বুলি অভিহিত কৰে। পূৰ্বৰ চৰকাৰক প্ৰতিনিধিত্ব কৰা নিৰ্বাসিত ৰাষ্ট্ৰীয় ঐক্য চৰকাৰে (এন ইউ জি) কয় যে তেওঁলোকে “সামৰিক একনায়কত্ববাদে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা আমাৰ ৰাষ্ট্ৰপতি ইউ উইন মাইণ্টকে ধৰি কিছুমান ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়াত সন্তুষ্ট”।
আনহাতে ম্যানমাৰৰ তথ্য মন্ত্ৰালয়ে কয় যে ৮০ বছৰীয়াবৰ্ষীয়ান আং চান ছ্যু কীক গৃহবন্দী কৰাৰ সিদ্ধান্তই “ৰাষ্ট্ৰৰ উদাৰতা আৰু সদিচ্ছা”ক প্ৰতিফলিত কৰিছে। ম্যানমাৰৰ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে ভগৱান বুদ্ধৰ জন্ম, জ্ঞান, নিৰ্বাণৰ স্মৃতিত পবিত্ৰ দিন কাছোন পূৰ্ণিমাৰ সৈতেও এই সিদ্ধান্তৰ মিল আছে। সামৰিক শাসনৰ সময়ত ছ্যু কীৰ বিৰুদ্ধে ৱাকি-টকি ৰখাৰ দৰে সৰু সৰু অভিযোগৰ পৰা আৰম্ভ কৰি দেশদ্ৰোহ আৰু দুৰ্নীতিৰ দৰে অধিক গুৰুতৰ অভিযোগৰ অভিযোগ উত্থাপন হৈছিল আৰু মুঠ ৩৩ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। এই শাস্তি পিছলৈ ২২ বছৰ ৬ মাহলৈ হ্ৰাস কৰা হয়, আৰু এতিয়া আৰু হ্ৰাস কৰা হৈছে যদিও তেওঁ পৰৱৰ্তী সময়ছোৱা গৃহবন্দী হৈ থাকিব।
মনকৰিবলগীয়া যে দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ স্নাতক আং চান চ্যু কী আছিল ১৯৪৮ চনত স্বাধীনতাৰ পূৰ্বে হত্যা কৰা ম্যানমাৰৰ স্বাধীনতা আন্দোলনৰ নেতা আউং ছান ছু কীৰ কন্যা। ১৯৬২ চনৰ অভ্যুত্থানৰ পিছৰে পৰা ম্যানমাৰত বেছিভাগ সময় সামৰিক শাসনৰ অধীনত আছে। এনে ঘটনাক্ৰমৰ মাজতে ১৯৮৮ চনত ম্যানমাৰলৈ উভতি গৈ ছ্যু কীয়ে নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন এল এ ডি)ৰ নেতা হয়। তেতিয়াৰ পৰাই তেওঁক কেইবাবাৰো কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। ব্ৰিটিছ নাগৰিকৰ সৈতে ছ্যু কী বিবাহৰ বাবে সামৰিক বাহিনী মুৰব্বী বা ৰাষ্ট্ৰপতি হ’ব পৰা নাছিল। ইয়াৰ পিছত এন এল ডিয়ে তেওঁৰ ৰাজ্যিক পৰামৰ্শদাতা নিযুক্তি দিয়ে, যাৰ ফলত তেওঁ চৰকাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
ইপিনে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে আং চান চ্যু কীক কাৰাগাৰৰ পৰা গৃহবন্দীলৈ স্থানান্তৰিত কৰা পদক্ষেপক আদৰণি জনাইছে। সচিব প্ৰধান গৰাকীৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে এই পদক্ষেপ “বিশ্বাসযোগ্য ৰাজনৈতিক প্ৰক্ৰিয়াৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ”। বৃহস্পতিবাৰে ডুজাৰিকে কয় যে আমি আং ছান ছ্যু কীৰ শাস্তি গৃহবন্দীলৈ হ্ৰাস কৰাৰ সিদ্ধান্তক প্ৰশংসা কৰিছো।এয়া এক অৰ্থপূৰ্ণ পদক্ষেপ। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি সচিব প্ৰধান আৰু ম্যানমাৰৰ বিশেষ দূত জুলি বিচপে কেইবামাহো ধৰি সকলো ৰাজনৈতিক বন্দীক শীঘ্ৰে মুক্তিৰ আহ্বান জনাই আহিছে। ডুজাৰিক কয় যে, “একমাত্ৰ কাৰ্য্যকৰী ৰাজনৈতিক সমাধান হিংসাৰ তাৎক্ষণিক বন্ধ আৰু সৰ্বাংগীন আলোচনাৰ প্ৰতি প্ৰকৃত প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব।”
