Six people were killed in a road accident in Telangana:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত মৰ্মান্তিক দুৰ্ঘটনা৷ ৰৈ থকা এখন ট্ৰাকত চাৰিচকীয়া বাহনে প্ৰচণ্ড খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ গ’ল একে পৰিয়ালৰ ছজন লোক ৷ দুৰ্ঘটনাটোত আহত হয় এজন ৷
প্ৰাপ্ত খবৰ অনুসৰি দ্ৰুতবেগী বাহন এখনে আউটাৰ ৰিং ৰোডত পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকত পিছফালেমৰ পৰা প্ৰচণ্ড খুন্দা মাৰে । দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে বাহন খনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হয় । ফলত বাহন খনত থকা একে পৰিয়ালৰ তিনিটি শিশু সহ ছজন ঘটনাস্থলীত মৃত্যু হোৱাৰ বিপৰীতে এগৰাকী মহিলাক সংকটজনক অবস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে যাদদ্ৰী-ভুৱনাগিৰি জিলাৰ এটা মন্দিৰ পৰিদৰ্শন কৰি পৰিয়ালটো ঘৰলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটি ৷
আৰক্ষীয়ে জনোৱা মতে, এই দুৰ্ঘটনাটোত নিহত আটাইয়ে ৰাজন্না ছিৰচিলা জিলাৰ ছিৰচিলা চহৰৰ বাসিন্দা। দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালৰ মুৰব্বী হৈছে ছিৰচিলাৰ এজন বি আৰ এছ নেতাৰ ভাতৃ।
