দীর্ঘ দূৰত্ব খোজকাঢ়ি অভিলেখ ৰচনা কৰিলে এটা ঢেঁকীয়াপতীয়া বাঘে। চত্তিছগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি একাধিক ৰাজ্য আৰু বনাঞ্চল অতিক্রম কৰি বাঘটোৱে ওড়িছাৰ বিখ্যাত ছিমিলিপাল সংৰক্ষিত বনাঞ্চলত প্রবেশ কৰে।
যাত্রাপথত বাঘটোৱে কমেও আঠশ কিলোমিটাৰ দূৰত্ব খোজেৰে অতিক্ৰম কৰে। ইয়াৰ লগে লগে বন্যপ্ৰাণীৰ ক্ষেত্ৰত এক অভিলেখ স্থাপন হৈছে। কাৰণ এতিয়ালৈ আন কোনো বন্যপ্রাণীয়ে পদব্রজে এনে দীর্ঘ দূৰত্ব অতিক্ৰম কৰা নাই।
বন বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি সম্প্রতি চলি থকা ব্যাঘ্র পিয়লৰ সময়ত কেমেৰা স্থাপন কৰি এই ঢেঁকীয়াপতীয়া বাঘটোৰ যাত্রা নিৰীক্ষণ কৰা হয়। এই কেমেৰাতে আবদ্ধ হয় চাৰি-পাঁচ বছৰীয়া প্রাপ্তবয়স্ক বাঘটোৰ এই দীর্ঘ দূৰত্ব অতিক্রমকাৰী যাত্রা।
এই সম্পর্কত ছিমিলিপাল ব্যাঘ্র বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক প্রকাশ চান্দ গগিনেনিয়ে প্ৰকাশ কৰা অনুসৰি, বাঘটোৱে চত্তিছগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি যোৱা ডিচেম্বৰ-জানুৱাৰীত এই বনাঞ্চলত প্রবেশ কৰে।
যাত্রাপথত বাঘটোৱে সুন্দৰগড় জিলা, বানাই বনাঞ্চল, দেওগড়, ধেনকানাল আৰু কামাখ্যা নগৰ অতিক্রম কৰে। বাঘটোৰ যাত্রা চিচিটিভি আৰু কেমেৰাত বন্দী হয়। এই কেমেৰা আৰু চিচিটিভি বাঘৰ সংখ্যা গণনাৰ বাবে স্থাপন কৰা হৈছিল।
উল্লেখ্য যে এই ঢেঁকীয়াপতীয়া বাঘটোৱেই হৈছে এখন ৰাজ্যৰ পৰা পদব্রজে যাত্রা আৰম্ভ কৰি আন এখন ৰাজ্যৰ বনাঞ্চলত প্ৰৱেশ কৰা প্ৰথমটো বন্যপ্রাণী। এই সম্পর্কত গগিনেনিয়ে লগতে প্রকাশ কৰা অনুসৰি বৰ্তমানেও বাঘটো ছিমিলিপাল বনাঞ্চলতে আছে।
আন ৰাজ্যৰ পৰা আহি বাঘটোৱে বনাঞ্চলখনত প্রৱেশ কৰা এই ঘটনা জৈৱ বৈচিত্র্যৰ বাবে সুখবৰ আখ্যা দিছে শীর্ষ বন বিষয়াজনে। ওড়িছাৰ ময়ূৰভঞ্জ জিলাত অবস্থিত ছিমিলিপাল অভয়াৰণ্যই ২,৭৫০ বর্গ কিলোমিটাৰ ভূমি আগুৰি আছে। এই বনাঞ্চল ঘোং আৰু চহকী পৰিৱেশতন্ত্ৰৰ বাবে বিখ্যাত।
