Pluto:✒️২০০৬ পর্যন্ত আমাৰ সৌৰজগতত নটা গ্রহ আছিল। যদিও সেই বছৰতে গ্ৰহৰ সংখ্যা আঠটালৈ হ্রাস পায়। গ্ৰহৰ মর্যাদা হেৰুৱাই ‘বামন গ্রহ’ত পৰিণত হয় প্লুটো। ‘বামন গ্রহ’ হৈছে স্বাভাৱিক গ্ৰহৰ তুলনাত অতিশয় সৰু। ইয়াৰ পাছত দুটা দশক পাৰ হ’ল যদিও প্লুটোৱে গ্ৰহৰ মর্যাদা ঘূৰাই নাপালে । এইবাৰ অৱশ্যে সুদিন উভতি আহিব পাৰে সৌৰজগতৰ একেবাৰে প্রান্তিক এই বাসিন্দাৰ।
নাছাৰ জ্যেষ্ঠ বিষয়া আইজেকমেনে ইতিমধ্যে প্লুটোৰ বিষয়টো পুনর্বিবেচনা কৰিবলৈ আবেদন জনাইছে।২০০৬ পর্যন্ত প্লুটোৱেই আছল সৌৰজগতৰ একেবাৰে দূৰৰ গ্ৰহ। ইয়াক গ্রহ বুলি কোৱাৰ বহু কাৰণো আছিল।
প্রথমতে, প্লুটোৱেও সূর্ষক প্রদক্ষিণ কৰিছিল। দ্বিতীয়তে, ইয়াৰ আকাৰ প্ৰধানকৈ গোলাকাৰ। যদিও বিজ্ঞানীসকলে দাবী কৰিছিল যে কক্ষপথৰ পৰা ধ্বংসাবশেষ অপসাৰণ কৰাৰ দৰে পৰ্যাপ্ত মাধ্যাকর্ষীয় শক্তি প্লুটোৰ নাই।
সেইবাবেই অৱশেষত প্লুটোক বামন গ্ৰহৰূপে চিহ্নিত কৰা হয়। যোৱা ২৯ এপ্রিলত আইজেকমেনে এক মার্কিন ছিনেট কমিটীৰ সম্মুখত আবেদন কৰে, ‘মই আকৌ প্লুটোক গ্রহৰূপে স্বীকৃতিৰ পক্ষত।’
আমেৰিকাৰ এক সংবাদ মাধ্যমৰ মতে, আইজেকেমেনে জনাইছে যে নাছাৰ সম্প্ৰতি এনে কিছু গৱেষণাপত্ৰক লৈ কাম কৰি আছে আৰু সেইবোৰ তেওঁলোকে বৈজ্ঞানিক মহলত উপস্থাপন কৰিব পাৰে, যাতে এই সংক্রান্তীয় আলোচনাৰ পুনৰাই সূত্রপাত ঘটাব পৰা যায়।
ইয়াৰ পাছতে ছিনেটৰ জেৰী ম’ৰানে তেওঁক প্লুটোৰ প্ৰসংগত প্রশ্ন কৰে, তেতিয়াই আইজেকমেনে কয় যে প্লুটোক গ্ৰহৰূপে স্বীকৃতি প্ৰদানৰ বিষয়টো পুনর্বিবেচনা কৰা হওক।
উল্লেখ্য যে ১৯৩০৩ আৱিষ্কৃত হয় প্লুটো। ইয়াৰ ব্যাস প্রায় ২,৩৭৬ কিলোমিটাৰ, যি পৃথিৱীৰ চন্দ্রতকৈও অনেক সৰু। ইয়াৰ ওপৰভাগ অত্যন্ত শীতল আৰু বৰফাচ্ছন্ন, য’ত নাইট্ৰ’জেন আৰু মিথেন গেছৰ পাতল বায়ুমণ্ডল আছে। পৰৱৰ্তী সাত দশক ই গ্রহৰূপে তিষ্ঠি আছিল যদিও সম্প্রতি প্লুটো বামন গ্ৰহত পৰিণত হৈছে।
