শ্রীলংকাৰ পৰা তামিলনাডু- ন ঘণ্টা ৫০ মিনিটৰ সামুদ্রিক পথ অতিক্রম কৰি অসাধ্য সাধন কৰিলে ৰাঁচীৰ এটি শিশুবে। ইশাংক সিং নামৰ এই শিশুটিয়ে সাত বছৰ বয়সতে গঢ়িলে এক বিশ্ব অভিলেখ। যোৱা ৩০ এপ্ৰিলৰ পুৱা চাৰি বজা।
শ্রীলংকাৰ তালাইমান্নাৰ উপকূলত সাগৰৰ ঢৌ আছাৰ খাই পৰিছে। আকাশত তেতিয়াও তৰাই জিলমিলাই আছে। সেই ঘিটমিটিয়া অন্ধকাৰতে পানীত নামি পৰিছিল সেই শিশুটিয়ে। সন্মুখত ২৯ কিলোমিটাৰ দীঘল পাল্ক প্রণালী, যিটো দক্ষিণ এছিয়াৰ সবাতোকৈ ভয়ংকৰ মুক্ত জলপথসমূহৰ অন্যতম।
অপ্রত্যাশিত সোঁত, বেপৰোৱা ঢৌ, ক্ষুধার্ত হাংগৰ আৰু জেলী ফিছৰ আতংক- সকলো মিলাই বহু অভিজ্ঞ সাঁতোৰবিদেও এই প্রত্যাহ্বানৰ কথা ভাবিলে দুবাৰ চিন্তা কৰে, কিন্তু সেই পথৰেই ৰাওনা হৈছিল ঝাৰখণ্ডৰ ৰাচীৰ শিশু ইশাংক। তাৰ পাছত শিশুটি পৰিগণিত হ’ল পাল্ক প্রণালী অতিক্ৰম কৰা বিশ্বৰ সৰ্বকনিষ্ঠ সাঁতোৰবিদত।
প্রশিক্ষক অমন কুমাৰ জয়ছোৱাল আৰু বজৰং কুমাৰৰ তত্ত্বাৱধানত দীর্ঘদিন ধৰি চলিছিল ইশাংকৰ প্ৰস্তুতি। ঠাণ্ডা পানীৰ স’তে শৰীৰক স্বাভাৱিক কৰা, একেৰাগে ঘণ্টাৰ পাছত ঘণ্টাম ধৰি সাঁতুৰিবলৈ শিকা আদি সকলোবোৰ আয়ত্ত কৰিছিল শিশুটিয়ে।
যদিও সকলো প্রস্তুতিক চেৰ পেলাইছে ইশাংকৰ মানসিক দৃঢ়তাই, সাত বছৰৰ এটি শিশুৰ পৰা যি অপ্রত্যাশিত।
ভাৰত আৰু শ্রীলংকাৰ মাজত অৱস্থিত পাল্ক প্রণালী অতি ভয়ংকৰ হোৱাৰ কাৰণো আছে। বতৰৰ অনিশ্চয়তাৰ ইয়াত ডাঙৰ বিপদ। সোঁতৰ গতি মুহূর্ততে সলনি হয়, ঢৌৰ উচ্চতা আকস্মিকভাৱে বৃদ্ধি পায়। লুণীয়া পানীৰ কাৰণে চকু-মুখ পুৰে।
দীর্ঘ সময় পানীত থকাৰ ফলত শৰীৰৰ তাপমাত্রা কমি হাইপোথার্মিয়াৰ আশংকা থাকে। তদুপৰি সামুদ্রিক প্ৰাণীবোৰৰ ভয় আছেই। সেয়ে এই পথ অতিক্ৰম কৰিবলৈ অভিজ্ঞ সাঁতোৰবিদেও দ্বিধাবোধ কৰে।
ইশাংকৰ পূৰ্বে এই অভিলেখ আছিল তামিলনাডুৰ সাঁতোৰবিদ জয় যশৱন্তৰ। ২০১৯৩ তেওঁ মাত্র ১০ বছৰ বয়সত পাল্ক প্রণালী অতিক্ৰম কৰি বিশ্ব অভিলেখ গঢ়িছিল। জয়ৰ অভিলেখ ভাঙিলে ইশাংকই। ৰাঁচীৰ শিশুটিৰ এই কৃতিত্বই ‘ইউনিভাৰচেল ৰেকৰ্ডছ ফোৰাম’ৰ দ্বাৰা স্বীকৃতি লাভকৰিছে। ‘মিছন সমন্দৰ’ নামৰ উদ্যোগৰ অধীনতে সম্পন্ন হৈছে এই অভিযান।
ইশাংক ৰাঁচীৰ জৱাহৰ বিদ্যা মন্দিৰৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ। স্কুলৰ অন্যান্য শিশুসকলৰ দৰেই ইশাংকৰ বেগতো থাকে কিতাপ, পেন্সিল-ৰবৰ, টিফিন বক্স।
অৱশ্যে স্কুলৰ চাৰি বেৰৰ বাহিৰতো এই শিশুটিৰ এখন অন্য জগত আছে। সেয়া হৈছে ধুৰবা ডেমৰ পানী, য’ত ইশাংকই নিতৌ চাৰিৰ পৰা পাঁচ ঘণ্টা সাঁতুৰি কটায়।
ইশাংকৰ স্কুল কর্তৃপক্ষই এক বিবৃতিত জনাইছে, ‘এয়া আমাৰ প্রতিষ্ঠান আৰু দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ইশাংকই প্রমাণ কৰিছে, বয়সে স্বপ্নৰ পথত বাধা হৈ থিয় দিব নোৱাৰে।’ ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত ছ’ৰেনে সামাজিক মাধ্যমত লিখিছে, ‘অসাধাৰণ প্রতিভা… মাত্র সাত বছৰ বয়সতে ঝাৰখণ্ডৰ শিশু ইশাংকই ২৯ কিলোমিটাৰৰ পাল্ক প্ৰণালী পাৰ হৈ ইতিহাস গঢ়িলে।’
