জীৱকুল জীয়াই থকাৰ বাবে গছৰ অত্যন্ত প্রয়োজন বুলি কোৱা হয়। উদ্ভিদে শ্বাস-প্রশ্বাসত কার্বন-ডাই-অক্সাইড লৈ মানুহকে ধৰি সকলো প্ৰাণীৰ বাবে অক্সিজেন এবি দিয়ে।
তৎসত্ত্বেও চৌদিশে অবাধ বন ধ্বংস চলিছে। বায়ু নিৰ্মলিকৰণৰ ক্ষেত্রত গছ-গছনি থকা গুৰুত্বপূর্ণ ভূমিকাক আওকাণ কৰি নির্বিচাৰে চলা বনধ্বংসৰ সময়তে পুনেৰ বিখ্যাত এস্প্রেছ উদ্ভিদ উদ্যানে এক নজিৰ দেখুৱাইছে।
একাংশ বিজ্ঞানীয়ে অলপতে সম্পন্ন কৰা এক অধ্যয়নত দেখা গৈছে যে উক্ত উদ্যানৰ ১,২৬৩ জোপা গছে ১০,১৪৩ টন কার্বন-ডাই-অক্সাইড শুহি লৈছে। এই বিপুল পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড ২,২০৫খন সৰু গাড়ী (কাৰ) আৰু ১,৫৬০ ঘৰৰ পৰা বছৰি নিৰ্গত হয়।
বহুতৰে জ্ঞাত যে কার্বন-ডাই-অক্সাইডেই হৈছে পৰিৱেশ ধ্বংসকাৰী সেউজ গৃহ গেছ। এই গেছ উদ্ভিদৰ বাহিৰে আনে শোষণ নকৰে। গতিকে কার্বন-ডাই-অক্সাইড নাশৰ বাবে উদ্ভিদৰ প্রয়োজন। পুনেৰ এম্প্রেছ উদ্ভিদ উদ্যানে যি পৰিমাণৰ কার্বন-ডাই-অক্সাইড শোষণ কৰি ল’লে সেয়া দিল্লীৰ পৰা মুম্বাইৰ মাজত বিমান যাত্ৰাৰ দূৰত্ব ২১,৯০৭ৰ সমান হয়।
উদ্যানখনৰ সহস্রাধিক গছে এই বুজন পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড শুহি লোৱাৰ কাৰ্য জুখি উলিয়ায় এটা গবেষকৰ দলে। ‘দ্য গ্রীণ কনচেপ্ট’ শীর্ষক এক প্ৰকল্পৰ অধীনত এই কার্য সম্পন্ন কৰে ড০ ৰোহণ শেট্টী, ড০ আবলি কুলকার্ণি আৰু ড° গিৰীশ কুলকার্ণিয়ে।
গৱেষকৰ দলটোৱে ক্ষেত্রভিত্তিক জৰীপো সম্পন্ন কৰে। পুনেৰ এই উদ্যানৰ সহস্রাধিক গছৰ মাজত শতবর্ষ পুৰণি গছো আছে। এই গছসমূহে ১০ সহস্রাধিক টন কার্বন-ডাই-অক্সাইড শুহি লোৱাৰ ফলত ৮.৭৬ কোটি লিটাৰ অক্সিজেন বিশুদ্ধ হয়। স্বাভাৱিকতে ইয়ে চৌপাশৰ পৰিৱেশ বিশুদ্ধ কৰে।
লক্ষ্যণীয় যে শেহতীয়াভাৱে ভাৰতে কাৰ্বন নির্মূলীকৰণত ভূমিকা পালন কৰা ব্যক্তিক উৎসাহিত কৰাৰ লক্ষ্য লৈছে। গতিকে গছ-গছনি ৰোপণৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিছে।
