উজনি অসমৰ বহু সমষ্টিত বিৰোধী বিধায়কসকল পৰাজিত হোৱাৰ মাজতো শিৱসাগৰ সমষ্টিত অখিল গগৈয়ে জয়লাভ কৰি নিজৰ স্থিতি অটুট ৰাখিবলৈ সক্ষম হৈছে।
এই ফলাফলৰ পাছত তেওঁ ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।
তেওঁ মন্তব্যত কয় যে শিৱসাগৰবাসী ৰাইজৰ সমৰ্থনৰ বাবেই তেওঁ এই জয় লাভ কৰিছে আৰু “ধন্যবাদ দিবলৈ আৰু বাকী নাই” বুলি ৰাইজৰ প্ৰতি গভীৰ কৃতজ্ঞতা ব্যক্ত কৰে।
উজনি অসমত সামগ্ৰিকভাৱে বিৰোধীৰ দুৰ্বল প্ৰদৰ্শনৰ মাজতো শিৱসাগৰৰ এই ফলাফল বিশেষ তাৎপৰ্য্য বহন কৰিছে বুলি ৰাজনৈতিক মহলে মন্তব্য কৰিছে।
