ৰাজ্যৰ ৰাজনীতিত তীব্ৰ উত্তেজনাৰ পৰিস্থিতি—কাৰ হাতলৈ আহিব দিছপুৰৰ ক্ষমতা? ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএ নে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ মিত্ৰজোঁট—এই প্ৰশ্নই যোৱা কেইসপ্তাহ ধৰি ৰাইজৰ মাজত তীব্ৰ চৰ্চাৰ বিষয় হৈ আছে। সেই সকলো জল্পনা-কল্পনাৰ অন্ত পৰিব আজি, ভোটগণনাৰ দিনটোত।
পুৱা আঠ বজাৰ পৰা আৰম্ভ হৈছে পোষ্টেল বেলট গণনা আৰু তাৰ পাছতেই ৮:৩০ বজাৰ পৰা আৰম্ভ হৈছে ইভিএমৰ ভোটগণনা। প্ৰতিটো ৰাউণ্ডৰ ফলাফল নিৰ্বাচন আয়োগৰ প’ৰ্টেল আৰু ECINET-ত সজীৱভাৱে উপলব্ধ হ’ব, যাৰ জৰিয়তে মুহূৰ্তে মুহূৰ্তে সলনি হোৱা ৰাজনৈতিক ছবি স্পষ্ট হৈ উঠিব।
ইতিমধ্যে দুয়োটা শিবিৰেই—এনডিএ আৰু কংগ্ৰেছ মিত্ৰজোঁট—চৰকাৰ গঠন কৰাৰ দাবী কৰিছে। কিন্তু ভোটগণনাৰ চূড়ান্ত ফলাফলহে নিৰ্ণয় কৰিব দিছপুৰৰ কাৰ হাতলৈ যায় ।
এইবাৰ ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ বাবে ৩৫খন জিলাত ৪০টা কেন্দ্ৰত ভোটগণনা অনুষ্ঠিত হৈছে। মুঠ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় হ’ব, যাৰ ভিতৰত ৫৯ গৰাকী মহিলা প্ৰাৰ্থীও অন্তৰ্ভুক্ত।
দলভিত্তিক প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত Indian National Congress-এ সৰ্বাধিক ৯৯ গৰাকী প্ৰাৰ্থী দাঙি ধৰিছে, তাৰ পাছতে Bharatiya Janata Party-ৰ ৯০ গৰাকী, All India United Democratic Front-ৰ ৩০ গৰাকী, Asom Gana Parishad-ৰ ২৬ গৰাকী আৰু Bodoland People’s Front-ৰ ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।
ইয়াৰ উপৰিও ৰাইজৰ ১৩ গৰাকী, অসম জাতীয় পৰিষদৰ ১০ গৰাকী, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (Marxist)-ৰ ৩ গৰাকী আৰু All Party Hill Leaders Conference-ৰ দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। লগতে Aam Aadmi Party, United People’s Party Liberal (১৮টা), Trinamool Congress (২২টা), Jharkhand Mukti Morcha (১৬টা) সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ উপৰিও ২৫৮ জন নিৰ্দলীয় প্ৰাৰ্থীও ৰণত অৱতীৰ্ণ হৈছে।
আজিৰ এই ভোটগণনাত বহু হাই-প্ৰফাইল নেতাৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ’ব। ইয়াৰ ভিতৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়া, বদৰুদ্দিন আজমল,
অখিল গগৈ , লুৰিণজ্যোতি গগৈ, অতুল বৰা, কেশৱ মহন্ত আৰু হাগ্ৰামা মহিলাৰীসহ বহু কেবিনেট মন্ত্ৰীৰ নাম উল্লেখযোগ্য।
এতিয়া সকলোৰে দৃষ্টি ভোটগণনাৰ ফলাফলত—অসমৰ ৰাজনীতিত নতুন অধ্যায় আৰম্ভ হ’ব নে আগৰ শাসনেই অব্যাহত থাকিব, সেইটো জানিবলৈ অপেক্ষা মাত্ৰ কেইঘণ্টাৰ।
