Assam Assembly Election Result:১১বজালৈ মেজিক নম্বৰ অতিক্ৰম কৰি চৰকাৰ গঠনৰ দিশে বিজেপি মিত্ৰজোট

বিজেপি ৭৮,কংগ্ৰেছ ২৫,বিপিএফৰ১০ অগপ,এআইইউডিএফ ২ ৰ অগ্ৰগতি

WhatsApp Image 2026 05 04 at 11.18.42 AM

Assam Assembly Election Result:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:বিৰাট বিৰাট হিচাপ ৰাইজৰ আগত দাঙি ধৰিছে যদিও প্রকৃত ছবিখন তেনেকুৱা নহ’ব পাৰে বুলি একাংশ বিশ্লেষকে মন্তব্য কৰিছে। সেয়েহে শাসক-বিৰোধী সকলোৱে সম্ভাব্য ফলাফলক লৈ নিজৰ পক্ষে মায়াজাল সৃষ্টি কৰা বুলি চর্চা চলি থকাৰ মাজতে আজি পুৱা আঠ বজাৰ পৰা ৰাজ্যৰ ৩৫ জিলাৰ ৪০ টা ভোট গণনা কেন্দ্ৰত আৰম্ভ হয় ভোট গণনা ৷ পুৱা পোষ্টেল বেলত গণনা কৰাৰ পৰা ১১বজালৈ মেজিক নম্বৰ অতিক্ৰম কৰি চৰকাৰ গঠনৰ দিশে বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে ৷ উজনিৰ লগতে উত্তৰ অসমত ৰাজকীয় অগ্ৰগতি লাভ কৰিছে বিজেপি মিত্ৰজোঁটে ৷ উল্লেখ্য যে দিছপুৰ আৰু জালুকবাৰীত দুই বিজেপিৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদ্যুত বৰদলৈ বহু হেজাৰ ভোটৰ অগ্ৰগতি লাভ কৰিছে ৷

এইবাৰ ১২৬টা বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা ৭২২ গৰাকী প্রার্থীৰ ৰাজনৈতিক ভাগ্য নিৰূপণ হ’ব। ইয়াৰে মহিলা প্রার্থীৰ সংখ্যা ৫৯ গৰাকী। প্রতিদ্বন্দ্বিতা কৰা দলবোৰৰ ভিতৰত সৰ্বাধিক ৯৯ গৰাকী প্রার্থী কংগ্ৰেছৰ। ইয়াৰ পাছতে বিজেপিৰ প্ৰাৰ্থীৰ সংখ্যা ৯০ গৰাকী। তেনেদৰে আন কেইটামান দলৰ প্ৰাৰ্থীৰ সংখ্যা হ’ল ক্রমে- অসম গণ পৰিষদৰ ২৬, বিপিএফৰ ১১, ইউপিপিএলৰ ১৮, এআইইউডিএফৰ ৩০, চিপিএমৰ তিনি, ৰাইজৰ দলৰ ১৩, অসম জাতীয় পৰিষদৰ আঠ, তৃণমূল কংগ্ৰেছৰ ২৩, এপিএইছএলচিৰ দুই, আপৰ ১৮ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ ১৬ গৰাকী। তদুপৰি নিৰ্দলীয় প্রার্থীৰ সংখ্যা ২৫৮ গৰাকী।

Exit mobile version