Gaurav Gogoi Pressmeet in Rajib Bhawan:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্য বিধানসভা নিৰ্বাচনৰ সোমবাৰে ঘোষিত ফলাফলত দলৰ শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতে মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজিৱ ভৱনত অনুষ্ঠিত হোৱা সংবাদমেলত গৌৰৱ গগৈয়ে কয়,ঘোষণা হোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত প্ৰকাশ পোৱা অসমবাসী ৰাইজৰ ৰায় আমি সম্পূৰ্ণ বিনম্ৰতাৰে গ্ৰহণ কৰিছোঁ আৰু এই নিৰ্বাচনত আমাৰ পৰাজয় স্বীকাৰ কৰিছোঁ। লগতে যিসকল ভোটাৰ ৰাইজে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ ওপৰত বিশ্বাস ৰাখি ভোটদান কৰিলে, তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
এই নিৰ্বাচনত জয়লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ, তেওঁলোকে ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰি ৰাজ্যখনৰ উন্নতি, শান্তি আৰু সমৃদ্ধিৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰিব। আমি এই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ আগন্তুক দিনসমূহত আত্মবিশ্লেষণ কৰি দলক শক্তিশালী কৰি তোলাৰ লগতে অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে ৰাইজৰ সেৱাত নিয়োজিত হ’ম। যোৰহাটৰ ৰাইজে দিয়া সিদ্ধান্তও মই নতশিৰে গ্ৰহণ কৰিছোঁ। ৰাইজৰ জনাদেশ অনুসৰি আমি এক দায়িত্বশীল বিৰোধী দল হিচাপে নিষ্ঠাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিম।
আনহাতে নিৰ্বাচনৰ সময়ছোৱাৰ আগত আৰু পিছত নিৰ্বাচন আয়োগৰ ভূমিকা বৰ সন্দেহৰ আৰ্ৱতত ৷ আনহাতে বিৰোধী পক্ষত থাকিলেও কংগ্ৰেছেৰাইজৰ স্বাৰ্থত মাতিব বুলি উল্লেখ কৰি গগৈয়ে কয়,কংগ্ৰেছ দল আজিৰ পৰাই পুনৰ ৰাইজৰ মাজলৈ যাব ৷আসন কমিলেও আমি হাৰ মানি লোৱা নাই ৷ৰাইজৰ শক্তি বৃদ্ধিৰ বাবে কংগ্ৰেছে অহৰহ কাম কৰি যাব ৷পৰাজয়ৰ কাৰণ পৰ্যালোচনা কৰিহে ক’ব পৰা যাব ৷ অচিৰেই দলৰ বিজিত প্ৰাৰ্থী সকলৰ মতামত গ্ৰহণ কৰা হ’ব ৷ তাৰ পিছতহে ক’ব পৰা যাব বিতং মন্তব্য ৷ সংবাদমেলত জ্যেষ্ঠ নেতা ৰিপুণ বৰা ,মীৰা বৰঠাকুৰ গোস্বামী সহ কে’বা গৰাকী নেতা উপস্থিত থাকে I
