Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

মই কিয় পদত্যাগ কৰিব লাগে,আমি নির্বাচনত পৰাজিত হোৱা নাই:মমতা

WhatsApp Image 2026 05 05 at 6.05.19 PM

Mamata Banerjee Pressmeet :

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-সোমবাৰে ঘোষিত পশ্চিমবংগৰ নিৰ্বাচনত বিজেপিৰ হাতত তৃণমূল কংগ্ৰেছ শোচনীয় পৰাজয় হোৱাৰ পিছতো পৰাজয় স্বীকাৰ কৰা নাই দলটোৰ মুৰব্বী মমতা বেনাৰ্জী ৷ আজি ক’লকাতাৰ দলীয় কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ কয়, মই কিয় পদত্যাগ কৰিব লাগে, আমি নির্বাচনত পৰাজিত হোৱা নাই৷ নৈতিকভাৱে আমিহে নির্বাচনত জয়ী হৈছোঁ ৷ এয়া বিজেপিৰ এক বলপূর্বক প্রচেষ্টা আমাক পৰাজিত কৰাৰ৷ এইয়া আমি কোনোপধ্যেই মানি ল’ব নোৱাৰো।

বংগৰ বিদায়ী মুখ্যমন্ত্ৰীয়ে গৰাকী এখোপ আগুৱাই আৰু কয় যে, মই কিয় ৰাজভৱনলৈ যাম? আমি হাৰি যোৱা নাছিলো। যদি কোনোবাই বলপূৰ্বকভাৱে দখল কৰি মই পদত্যাগ কৰিব লাগিব বুলি ভাবে, তেন্তে সেয়া নহ’ব। আমি জয়ী হৈছিলো, আমি পৰাস্ত হোৱা নাছিলো। চকীখনৰ প্ৰতি মোৰ কোনো গুৰুত্ব নাই। মই নাযাওঁ। সকলো তথ্য আৰু প্ৰমাণ মই ৰাখিছো। মই ইতিমধ্যে ৰাজ্যিক নিৰ্বাচনী বিষয়াক সকলো খিনি অৱগত কৰিছো ৷ নিৰ্বাচন আয়োগৰ বিৰুদ্ধেঅধিক আক্ৰমণাত্মক হৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰে মমতাই। এই নিৰ্বাচনৰ খলনায়ক মুখ্য নিৰ্বাচন আয়ুক্ত বুলি অভিযোগ কৰে তেওঁ ৷। আমাৰ যুঁজ বিজেপিৰ লগত নাছিল। আমি নিৰ্বাচন আয়োগৰ লগত যুঁজিব লগা হৈছিল। কোনে সৃষ্টি কৰিছে এই ক’লা ইতিহাস। এই নিৰ্বাচনৰ খলনায়ক হৈছে মুখ্য নিৰ্বাচন আয়ুক্ত। তেওঁ মানুহৰ অধিকাৰ খৰ্ব কৰিছে, ইভিএম লুট কৰিছে। ভোটৰ পিছত ইভিএমত ৮০-৯০ শতাংশ চাৰ্জ! এইটো কেনেকৈ সম্ভৱ? নিৰ্বাচনৰ দুদিন আগতে আমাৰ মানুহক গ্ৰেপ্তাৰ কৰিলে। সকলোতে বিচাৰি ফুৰিছিল।আই চি,অ’চি ,এছডিএম,ডিএম সকলো সলনি কৰি দিলে। নিৰ্বাচন আয়োগৰ সৈতে একত্ৰিত হৈ আমাৰ বিৰুদ্ধে এখন পৰিকল্পিত খেল খেলিলে বিজেপিয়ে।কাৰ্যত : বিজেপি আৰু আয়োগ একত্ৰিত হ’ল।

১০০ খন আসন বলপূৰ্বকভাৱে লুট কৰা বুলিও অভিযোগ উত্থাপন কৰে ৰাজ্যৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ SIR কৰি ৩০ লক্ষাধিকৰো অধিক ভোটাৰৰ নাম কৰ্তনকৰা হ’ল। দিল্লীৰ পৰাই এই ব্যৱস্থা কৰা হৈছিল। সেয়েহে এনে প্ৰেক্ষাপটত মোৰ নিশ্চিত সিদ্ধান্ত মই ৰাজভৱন নাযাও আৰু পদত্যাগো নকৰো বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে টিএমচিৰ মুৰব্বী গৰাকীয়ে ৷

Exit mobile version