সাংবাদিকৰ কণ্ঠ স্বৰূপ বিশ্বৰ সৰ্ববৃহৎ সাংবাদিক সংগঠন ইণ্টাৰনেচনেল ফেডাৰেছন অৱ জার্নেলিষ্ট (আইএফজে)ৰ জেণ্ডাৰ কাউঞ্চিলৰ উপ-সভাপতিৰূপে মঙলবাৰে ইয়াত কাৰ্যভাৰ গ্ৰহণ কৰে ‘দৈনিক অগ্রদূত’ৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদে। অলপতে সম্পন্ন হৈ যোৱা কাউন্সিলৰ নিৰ্বাচনত তেওঁ এই পদত নির্বাচিত হৈছিল।
আহমেদে আইএফজেৰ শাখাভুক্ত ইণ্ডিয়ান জার্নেলিষ্ট ইউনিয়ন (আইজেইউ)ৰ ৰাষ্ট্ৰীয় কার্যনির্বাহক সদস্য তথা জার্নেলিষ্ট ইউনিয়ন অব আছাম (জুৱা)ৰ সভাপতিৰূপেও কাৰ্যৰত।
উল্লেখ্য যে আইএফজেৰ কৰ্মৰাজিৰ অন্যতম হৈছে লিংগ সমতা স্থাপনৰ হকে যুঁজ দিয়া। জেণ্ডাৰ কাউন্সিল হৈছে বিশ্বজুৰি কৰ্ম, ইউনিয়নবাদ আৰু সাংবাদিকতাৰ নৈতিকতাৰ দৃষ্টিভংগীৰে লিংগ সমতা স্থাপনৰ ক্ষেত্ৰত আইএফজেৰ নীতি আৰু বিভিন্ন প্ৰকল্পৰ দিশ নিৰ্ণয়ৰ বাবে দায়ৱদ্ধ।
ইয়াৰ সদস্যসকল হৈছে বিশ্বৰ বিভিন্ন দেশৰ সাংবাদিক আৰু সক্রিয় সংবাদকর্মী, যিসকল সাংবাদিকতা আৰু ট্রেড ইউনিয়নৰ আন্দোলনত লিংগ সমতা স্থাপনৰ বাবে অংগীকাৰৱদ্ধ।
উল্লেখ্য যে ২০২৬-২৯ৰ কাৰ্যকালৰ বাবে নিৰ্বাচিত আইএফজেৰ জেণ্ডাৰ কাউন্সিলৰ ব’ৰ্ডত আছে বিশ্বজুৰি থকা আইএফজেৰ শাখাভুক্ত সাংবাদিক ইউনিয়ন আৰু সংস্থাসমূহৰ ২৯গৰাকী প্রতিনিধি।
জেণ্ডাৰ কাউন্সিলৰ নৱনিৰ্বাচিত ৰ নৱনিৰ্বাচিত সভাপতি হৈছে মাৰিয়া খেলেছ চামপেৰিঅ’ (এফএপিই, স্পেইন)। তেওঁ তৃতীয়বাৰলৈ এই পদত নির্বাচিত হৈছে আৰু ৭৫ শতাংশ ভোট লাভ কৰিছে।
আনহাতে, চেমিম চুলতানা আহমেদ (আইজেইউ, ভাৰত) উপ-সভাপতিৰূপে নির্বাচিত হয়। তেওঁ ৫৪.১৭ শতাংশ ভোট লাভ কৰে। ইয়াৰ পূৰ্বৰ কাৰ্যকালত তেওঁ আছিল আইএফজেৰ জেণ্ডাৰ কাউন্সিলৰ এছিয়া পেছিফিকৰ নিৰ্বাচিত মাণ্ডলিক সমন্বয়ক।
আনহাতে, নতুন কাৰ্যকালৰ বাবে অন্যান্য মাণ্ডলিক সমন্বয়ক সকল হৈছে ক্রমে লেটিন আমেৰিকা আৰু কেৰিবিয়ানৰ বাবে ক্রমে ছামিৰা ডি কাষ্ট্র কুনহা (এফইএনএজে, ব্রাজিল) আৰু এলিছিয়া অর্টেগা (এপিইউ, উৰুগুরে), আফ্রিকাৰ বাবে কাডিয়াট’ থিয়েন’ ডিয়াল’ (এজেজি, গিনি) আৰু পেট্রিকা এডজিচেকু (ইউজেআইটি, ট’গ’), ইউৰোপৰ বাবে মেনুরেলা বার্মুডেজ (চিএফডিটি, ফ্রান্স) আৰু ড’মেনিকা মিমা কেলিগাৰিছ (এফএনএছআই, ইটালী) তথা এছিয়া পেছিফিকৰ বাবে জাভেৰিয়া ছিদ্দিক (পিএফইউজে, পাকিস্তান) আৰু নুরুল নুৰ আজিজা (এজেআই, ইণ্ডোনেছিয়া।
কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত নৱনির্বাচিত সভাপতি মাৰিয়াই কয় যে আগন্তুক সময়বোৰত জেণ্ডাৰ কাউন্সিলৰ সন্মুখত আছে জটিল কাৰ্যসূচী। বিশ্বজুৰি মহিলা সাংবাদিকসকলক সমর্থন যোগাবলৈ আৰু আইএফজেৰ ভাষামুক্ত ইউনিয়ন আৰু সংস্থাসমূহে যাতে নিজ নিজ সংগঠনত লিংগ সমতা স্থাপনৰ নতুন কৌশল গ্রহণ তথা ৰূপায়ণত অগ্রাধিকাৰ দিয়ে তাক নিশ্চিত কৰাটো।
তদুপৰি মাৰিয়াই কয়, ‘নতুন কমিটীখনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলে প্রতিনিধিত্ব কৰিছে আৰু নিশ্চিতভাবে আমি লিংগ সমতা স্থাপন, সাংবাদিকতা আৰু সাংবাদিকৰ প্ৰতি থকা আইএফজেৰ দায়বদ্ধতা প্রতিফলন কৰিবলৈ কাম কৰিব লাগিব। ‘
তেওঁ আৰু কয় যে কালিৰে পৰা পেৰিছত অনুষ্ঠিত হোৱা আইএফজেৰ শতবার্ষিকী কংগ্রেছত লিংগ সমতা, সাংবাদিকতা আৰু সাংবাদিকসকলৰ প্ৰতি দায়ৱদ্ধতাক অধিক দৃঢ়ভাবে প্রতীয়মান কৰি এক শক্তিশালী আইএফজে গঢ়ি তোলাৰ কাৰ্যসূচী হ’ব মূল লক্ষ্য।
উল্লেখ্য যে কালিৰ পৰা অহা সাত মে’লৈ পেৰিছত অনুষ্ঠিত হৈছে আইএফজেৰ শতবার্ষিকী কংগ্রেছ। ‘শক্তিশালী-সবল সাংবাদিকতা আৰু ট্রেড ইউনিয়নবাদৰ এশ বছৰীয়া আন্তর্জাতিক সংহতি’ এই কংগ্ৰেছৰ মূল বক্তব্য। এশ বছৰ পূর্বে পেৰিছতে সংবাদ মাধ্যমৰ স্বাধীনতা, গুণগত সাংবাদিকতা আৰু সকলো সদস্যৰ বাবে ন্যায্য কৰ্মস্থলীৰ পৰিৱেশৰ হকে যুঁজ দিবলৈ জন্ম হৈছিল আইএফজেৰ।
এই কথা দোহাৰি আইএফজেৰ সভাপতি ডমিনিক প্রডালিয়ে কয় যে পেৰিছৰ কংগ্ৰেছে বিশ্বজুৰি সাংবাদিকসকলক নতুন শক্তি, একতা আৰু আশাৰে উজ্জীৱিত কৰিব বুলি তেওঁ আশাবাদী।
বিশ্বজুৰি তিনিশৰো অধিক বিশিষ্ট সাংবাদিকে অংশগ্ৰহণ কৰা এই কংগ্ৰেছত অংশগ্ৰহণকাৰী ভাৰতৰ আইজেইউৰ তিনিজনীয়া প্রতিনিধি দলৰ অন্যতম সদস্য হৈছে চেমিম চুলতানা আহমেদ। লগতে আইজেইউৰ সভাপতি গীতার্থ পাঠক তথা সচিব প্রধান ছাবিনা ইন্দৰজিতে সাংবাদিকৰ এই বিশাল কংগ্ৰেছত অংশ গ্রহণ কৰিছে।
ইপিনে, ইয়াৰ পূৰ্বে যোৱা ২৫ আৰু ২৬ এপ্রিলত কেৰালাৰ ক’ড়িক’ড়ত অনুষ্ঠিত আইজেইউৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ এক বর্ণাঢ্য কার্যসূচীত চেমিম চুলতানা আহমেদক আইএফজেৰ অতি গুৰুত্বপূৰ্ণ জেণ্ডাৰ কাউন্সিলৰ নেতৃত্ব পদলৈ বিপুল ভোটত নির্বাচিত হোৱা বাবে তেওঁক বিশেষ সম্বর্ধনা জনোৱা হয়। আইজেইউৰ নেতৃত্ব তথা ৰাষ্ট্ৰীয় কার্যনির্বাহক কমিটীৰ বৈঠকৰ আয়োজক কেৰালা ইউনিয়ন অৱ জাৰ্ণেলিষ্ট (কেইউজে) ৰ সভাপতি বছিৰ মাদালাকে ধৰি বিভিন্নজনে আহমেদক অভিনন্দন জ্ঞাপন কৰে।
