উদ্ধাৰ হৈছে পেপিৰাছত লিখা গ্রীক মহাকাব্যৰ অংশ

মিছৰৰ মামীত প্ৰথমবাৰলৈ পোৱা গ'ল সাহিত্যৰ নিদৰ্শন

674194238 1368379395323603 8770794819049895567 n

মিছৰৰ ইতিহাস যিমান সুপ্রাচীন, সিমানেই ৰহস্যময়। বিগত কিছু দশকত মিছৰৰ বিভিন্ন পিৰামিডত অভিযান চলিছে। ফাৰাওসকলৰ সমাধি আবিষ্কৃত হৈছে। বিভিন্ন মামীৰ সন্ধান পোৱা গৈছে; কিন্তু ৰহস্য এতিয়াও শেষ হোৱা নাই।

সম্প্রতি এক মামীৰ পৰা উদ্ধাৰ হ’ল বিখ্যাত গ্রীক মহাকাব্যৰ লিপি। এনে বস্তু অতীতত আৱিষ্কাৰ হোৱা কোনো মামীৰ পৰাই উদ্ধাৰ হোৱা নাছিল।

প্রায় ২৮০০ বছৰৰ পূৰ্বে প্রখ্যাত গ্রীক কবি হোমাৰে ৰচনা কৰিছিল মহাকাব্য ‘ইলিয়াড’। প্রাচীন গ্রীচত সেই মহাকাব্য ৰচনা কৰা হৈছিল। এইবাৰ সেই মহাকাব্য ইলিয়াডৰ এটা অংশ পোৱা গ’ল মিছৰৰ এক সমাধিত শায়িত মামীৰ লগত। সেই মামীৰ বয়স আনুমানিক ১৬০০ বছৰ।

গৱেষকৰ দলে দাবী কৰিছে যে এই প্রথম কোনো সাহিত্যৰ নমুনা পোৱা গ’ল মিছৰীয় মামীৰ লগত। সমসায়িক তথা ইয়াতকৈও প্রাচীন কিছু মামীৰ লগতো পেপিৰাছৰ টুকুৰা পোৱা গৈছিল। এই পেপিৰাছ হৈছে মিছৰৰ এবিধ নল-খাগৰি। প্রাচীন কালত কাগজৰ সলনি ইয়াক ব্যৱহাৰ কৰা হৈছিল।

এইবোৰ পেপিৰাছত যি লিখা আছিল, সেইবোৰক প্ৰধানকৈ ধর্মীয় মন্ত্ৰ বুলিয়েই গণ্য কৰা হৈছিল। অথচ কোনো সাহিত্যৰ নিদৰ্শন ইয়াৰ পূৰ্বে মিছৰত আৱিষ্কৃত কোনো মামীতে পোৱা নাছিল।

এই বিশেষ মামীটো পোৱা গৈছে মিছৰৰ প্ৰাচীন চহৰ অক্সিৰিংকাছত। এতিয়া অৱশ্যে এই অঞ্চলটো পৰে মিছৰৰ আল বাহনাছাত। ৰাজধানী কাইৰোৰ পৰা প্রায় ২০০ কিলোমিটাৰ দক্ষিণত। এইখন অতীতত গ্রীক-ৰোমান যুগৰ এখন গুৰুত্বপূৰ্ণ চহৰ আছিল।

সম্প্রতি স্পেইনৰ বাৰ্চিলোনা বশ্ববিদ্যালয়ৰ এদল গবেষকে এই চহৰত প্ৰত্নতাত্ত্বিক অভিযান চলায়। বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ববিদ ইগনাছি-জেভিয়াৰ আদিয়েগোরে কয়, ‘এয়া আমাৰ বাবে এক ডাঙৰ সাফল্য। প্রাচীন মিছৰত শেষকৃত্যৰ প্রক্রিয়াত যে সাহিত্যকর্মও ব্যৱহাৰ কৰা হৈছিল, সেয়া আমি ইমানদিনে জনাই নাছিলো।’

বহু বছৰ ধৰি সমাধিৰ তলত পৰি থকাৰ ফলত পেপিৰাছটো টুকুৰা-টুকুৰ হৈ পৰিছে। অৱশ্যে এই জীর্ণ পেপিৰাছকো প্রাথমিক বিশ্লেষণ কৰা হৈছে। গৱেষকসকল নিশ্চিত হৈছে যে এয়া গ্রীক মহাকাব্য ইলিয়াডৰ অংশ।

অৱশ্যে এই পেপিৰাছটোক আৰু বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন আছে বুলিয়ে ধাৰণা কৰিছে তেওঁলোকে। আদিয়েগোরে কয়, ‘পেপিৰাছটোক নষ্ট নকৰি যিমানখিনি কৰা সম্ভৱ, সাধ্য অনুসৰি আমি সকলোখিনিয়েই কৰিছো। অৱশ্যে এক্স-ৰে’ৰ মাধ্যমেৰে বিশ্লেষণ কৰিলে আৰু ভালদৰে সম্পূৰ্ণ বিষয়টো বুজিব পৰা যাব।’

প্রাচীন মিছৰত মৃতদেহ সংৰক্ষণৰ ক্ষেত্ৰত পাপিৰাছৰ কি ভূমিকা আছিল, সেয়া এতিয়াও পোহৰলৈ অহা নাই। অৱশ্যে মিছৰীয়া মামীসমূহত পাপিৰাছত বিভিন্ন লিখা পোৱা যায়। একাংশ গৱেষকে অনুমান কৰে যে মৃতদেহসমূহক যিসকলে মামীত পৰিণত কৰিছিল, সম্ভৱতঃ তেওঁলোকৰে কোনো ‘স্বাক্ষৰ’ৰূপে ব্যৱহাৰ কৰা হৈছিল পেপিৰাছসমূহত।

সেইবোৰত বিভিন্ন আচাৰ-অনুষ্ঠানৰ কথা উল্লেখ কৰিছিল। যাৰ পৰা বহুতেই সেইবোৰক ধর্মীয় মন্ত্র বা সমতুল্য কিবা বুলি ধাৰণা কৰিছিল। অৱশ্যে গ্রীক মহাকাব্যৰ অংশ মামীৰ ভিতৰত থকা পেপিৰাছত পোৱাটোৱে কিছু অবাক কৰিছে প্রত্নতাত্ত্বিকসকলক।

কিয় এনে পেপিৰাছৰ খণ্ড মামীৰ পৰা পোৱা গ’ল, তাৰ কোনো ব্যাখ্যা স্পেইনৰ গৱেষক দলটোৱে প্রাথমিকভাৱে বিচাৰি উলিয়াব পৰা নাই।

অক্সিৰিয়াংকত বিচাৰি পোৱা আন মামীবোৰৰ পৰাও তেওঁলোকৰ জীৱিত অৱস্থাত ব্যক্তিগত জীৱন সম্পর্কে বিশেষ একো জনা নাযায়। কেৱল এয়াই জনা যায় যে মামী সংৰক্ষণৰ ব্যয় বহন কৰিব পৰাকৈ তেওঁলোকৰ পৰিয়াল যথেষ্ট বিত্তবান আছিল। মিছৰৰ পৰ্যটন আৰু পুৰাতত্ত্ব বিষয়ক মন্ত্রণালয়ে জনাইছে যে খননকাৰ্যৰ সময়ত তাত তিনিটা চূণশিলৰ সমাধি আৱিষ্কৃত হৈছিল।

তাৰ ভিতৰত কে’বাটাও মামীও পোৱা গৈছে। মিছৰৰ চৰকাৰে জনাইছে যে এই মামীবোৰৰ ভিতৰত তিনিটাৰ জিভাত সোণৰ পাত আৰু এটাৰ জিভাত তামৰ পাত বহুওৱা আছিল।

Exit mobile version