Osama bin Laden:✒️২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ আক্ৰমণ ৰ মূল চক্ৰান্তকাৰী ওছামা বিন লাডেনক ২০১১ চনত নিখুঁত সামৰিক অভিযানত হত্যা কৰিছিল আমেৰিকাৰ বাহিনীয়ে। সময় পাৰ হৈ গৈছে প্ৰায় দেড় দশক, কিন্তু সেই অভিযানক লৈ এতিয়াও ৰহস্যৰ শেষ হোৱা নাই। এইবাৰ নতুনকৈ চৰ্চালৈ আহিল এটা আচৰিত তথ্য।
বুধবাৰে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা(Central Intelligence Agency)(CIA)-এ পাকিস্তানৰ অ্যাবোটাবাদ(Abbottabad)ত অৱস্থিত লাদেনৰ ঘৰখনৰ এটা ইটাৰ ছবি ৰাজহুৱা কৰে। এই ছবিখন প্ৰকাশ পোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় মহলত আৰম্ভ হৈছে তীব্ৰ আলোচনা।
চিআইএ-এ জানিবলৈ দিছে যে, লাদেনৰ এই ঘৰখন ২০০৬ চনত নিৰ্মাণ কৰা হৈছিল আৰু ই পাকিস্তান মিলিটাৰী একাডেমীৰ পৰা মাত্ৰ এক মাইল দূৰত অৱস্থিত আছিল। ১২ৰ পৰা ১৮ ফুট উচ্চ দেৱালেৰে ঘেৰাও কৰা এই ঘৰতে লাদেনে নিজৰ একাধিক পত্নী আৰু সন্তানৰ স’তে গোপনে বাস কৰিছিল।
২০১১ চনৰ দুই মে’ত আমেৰিকাৰ বিশেষ বাহিনীয়ে নিশাৰ অভিযান চলাই এই ঘৰতে লাদেনক হত্যা কৰে। সেই অভিযান বিশ্বৰ অন্যতম গুৰুত্বপূর্ণ সন্ত্রাসবিৰোধী অভিযান হিচাপে পৰিগণিত হয়।
চিআইএৰ তথ্য অনুসৰি, সেই অভিযানৰ পাছত লাদেনৰ ঘৰখনৰ পৰা মুঠ ১৩টা ইটা সংগ্ৰহ কৰি আমেৰিকালৈ লৈ যোৱা হৈছিল। বিশেষকৈ এই ইটাসমূহত ‘A’, ‘M’, ‘S’ আদি ইংৰাজী আখৰ খোদাই কৰা দেখা গৈছে।
প্ৰাথমিকভাৱে এইবোৰ কোনো সাংকেতিক বাৰ্তা হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে, যদিও এই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট ব্যাখ্যা দিয়া হোৱা নাই।
উল্লেখযোগ্য যে, ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাৰ টুইন টাৱাৰত দুখন যাত্ৰীবাহী বিমান আঘাত কৰিছিল আৰু পেণ্টাগন (Pentagon) তো আন এখন বিমানে খুন্দা মাৰিছিল। এই ভয়ংকৰ সন্ত্রাসী আক্ৰমণৰ আঁৰত আছিল লাদেন। তাৰ পাছত বহু বছৰ ধৰি চলা অনুসন্ধান আৰু অভিযানৰ অন্তত, পাকিস্তানৰ অ্যাবোটাবাদত লুকাই থকা অৱস্থাত তেওঁক হত্যা কৰা হয়।
