Punjub:✒️পঞ্জাৱত মঙলবাৰে নিশা দু’ঘণ্টাৰ ব্যৱধানত ইটোৰ পাছত সিটো বিস্ফোৰণ সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰথমটো বিস্ফোৰণ জালন্ধৰ(Jalandhar)ত সীমান্ত সুৰক্ষা বাহিনী(Border Security Force)(BSF)-ৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয়।
স্থানীয় সূত্র অনুসৰি, পথত ৰৈ থকা এখন স্কুটাৰত এই বিস্ফোৰণ ঘটে, যাৰ ফলত অঞ্চলটোত আতংকৰ পৰিৱেশ সৃষ্টি হয়।
ঘটনাৰ পাছতে আৰক্ষীয়ে তৎক্ষণাত এলেকাটো ঘেৰাও কৰি তল্লাশি অভিযান আৰম্ভ কৰে। কেনেকৈ এনে এটা স্পৰ্শকাতৰ ঠাইত স্কুটাৰখন ৰাখি থোৱা হ’ল আৰু সেয়া কেনেকৈ কৰি দৃষ্টিত নপৰিল, সেই বিষয়েও প্ৰশ্ন উত্থাপন হৈছে।
স্কুটাৰত বিস্ফোৰক সামগ্ৰী স্থাপন কৰা হৈছিল নে নাই, সেইটো বৰ্তমান তদন্তৰ মূল বিষয়।
এই ঘটনাৰ কিছুসময় পিছতেই অমৃতসৰ খাসা ৰোডত অৱস্থিত সেনা ক্যান্টনমেণ্টৰ বাহিৰতো আন এটা বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণত ক্যান্টনমেণ্টৰ সীমা প্ৰাচীৰৰ কিছু অংশ ক্ষতিগ্ৰস্ত হয়।
প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে যে কোনো ধাতব বস্তু প্ৰাচীৰলৈ নিক্ষেপ কৰাৰ পিছতেই বিস্ফোৰণ ঘটে।
পাঞ্জাৱ আৰক্ষীৰ মতে, ঘটনাটোত সন্ত্রাসবাদী জড়িত থকাৰ নিশ্চিত প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই। যদিও সামাজিক মাধ্যমত খালিস্তান মুক্তি সেনা(Khalistan Liberation Army) (KLA)-এ এই বিস্ফোৰণৰ দায় স্বীকাৰ কৰাৰ দাবী কৰিছে, তথাপিও এই বিষয়টো সন্দৰ্ভত নিশ্চিতকৰণৰ বাবে তদন্ত অব্যাহত আছে।
আৰক্ষীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ (Border Security Force)ৰ স’তে যৌথভাৱে তদন্ত আৰম্ভ কৰিছে আৰু স্কুটাৰৰ মালিকক জেৰা কৰা হৈছে। সমগ্ৰ ঘটনাৰ পাছত অঞ্চলটোত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।
