Hantavirus:✒️বিশ্বভ্ৰমণৰ সপোন লৈ প্ৰমোদতৰীত উঠিবলৈ ভাবিছে নেকি? বৈভৱ-বিলাসিতাৰ মাজতে এতিয়া স্বাস্থ্যজনিত আশংকাই নতুনকৈ চিহ্নিত কৰি তুলিছে। শেহতীয়া তথ্য অনুসৰি, হান্টা ভাইৰাছক(Hantavirus)ৰ সংক্রমণ পুনৰ বৃদ্ধি পোৱাৰ ফলত বিশ্বজুৰি উদ্বেগৰ সৃষ্টি হৈছে।
তথ্য অনুসৰি,আটলান্টিক মহাসাগৰত চলি থকা এখন প্ৰমোদতৰীত এই ভাইৰাছত আক্ৰান্ত হৈ তিনিজন যাত্ৰীৰ মৃত্যু হয়। দক্ষিণ আমেৰিকা আৰু এছিয়াৰ কিছুমান দেশতো এই সংক্রমণ দ্ৰুতগতিত বিস্তাৰ লাভ কৰিছে। এই পৰিস্থিতিত (World Health Organization) হু’য়ে বিষয়টো লৈ গভীৰ চিন্তা প্ৰকাশ কৰিছে।
বিশেষজ্ঞসকলৰ মতে, হান্টা মূলত এন্দুৰৰ জৰিয়তে মানুহলৈ সঞ্চাৰিত হয়। এন্দুৰ মল-মূত্ৰৰ দৰে পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে অথবা ধূলিকণাৰ জৰিয়তে এই ভাইৰাছ দেহত প্ৰৱেশ কৰিব পাৰে। বন্ধ পৰিসৰ আৰু অধিক জনসমাগম থকা স্থান—যেনে প্ৰমোদতৰী—এই সংক্রমণ বিস্তাৰৰ বাবে বিশেষভাৱে অনুকূল বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে।
এই ভাইৰাছত আক্ৰান্ত হ’লে সাধাৰণতে জ্বৰ, মাংসপেশীৰ বিষ, মূৰবেদনা, ক্লান্তি আৰু বমি আদি লক্ষণ দেখা যায়। গুৰুতৰ অৱস্থাত শ্বাসকষ্ট, হাওঁফাওঁ বিকল হোৱা আদি জটিলতা দেখা দিয়ে, যাক Hantavirus Pulmonary Syndrome বুলি জনা যায়। সময়মতে চিকিৎসা নাপালে এই ৰোগ প্ৰাণঘাতী হ’ব পাৰে।
COVID-19ৰ অভিজ্ঞতাৰ পাছত এনে ধৰণৰ ভাইৰাছজনিত সংক্রমণৰ খবৰ পুনৰ পোহৰলৈ অহাত মানুহৰ মাজত আশংকা বৃদ্ধি পাইছে। যদিও ভাৰতত এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে কম, তথাপিও অতীতত চেন্নাই আৰু মুম্বাইত কিছুমান ঘটনা পোহৰলৈ আহিছিল।
সেয়ে বিশেষজ্ঞসকলে সতৰ্কতা অৱলম্বনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে—যাত্ৰাৰ সময়ত স্বাস্থ্যবিধি মানি চলা, পৰিসৰ পৰিষ্কাৰ ৰখা আৰু কোনো সন্দেহজনক লক্ষণ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী।
